ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’লেই নাগৰিকত্ব শেষ নহয়ঃ সৰ্বোচ্চ ন্যায়ালয়

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’লেই নাগৰিকত্ব শেষ নহয়ঃ সৰ্বোচ্চ ন্যায়ালয়

আদালতে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয় পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ বা SIR প্ৰক্ৰিয়াৰ সময়ত লাখ লাখ ভোটাৰৰ নাম কৰ্তনক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শুকুৰবাৰে

আদালতে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়

পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ বা SIR প্ৰক্ৰিয়াৰ সময়ত লাখ লাখ ভোটাৰৰ নাম কৰ্তনক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । এখন জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আজি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, পশ্চিম বংগ চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা উত্তৰ তলব কৰিছে ।

মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে । পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ SIR কমিটীৰ অধ্যক্ষ প্ৰসেনজিৎ বসুৱে অধিবক্তা নেহা ৰাঠীৰ জৰিয়তে এই আবেদন দাখিল কৰিছিল । আবেদনখনত দাবী কৰা হৈছে যে SIR প্ৰক্ৰিয়াৰ সময়ত বাদ পৰা ভোটাৰসকলৰ দাবী আৰু আপত্তিৰ বিধানসভা সমষ্টিভিত্তিক তথ্যসমূহ ফৰ্ম ৬ আৰু ৭-ৰ (দাখিল, গ্ৰহণ আৰু নাকচ হোৱা আবেদন) বিতং হিচাপৰ সৈতে ৰাজহুৱা কৰিব লাগে ।

নিৰ্বাচন আয়োগ কোনো সাংবিধানিক নাগৰিকত্ব কৰ্তৃপক্ষ নহয়: আদালত

শুনানিৰ সময়ত পূৰ্বৰ বিহাৰ SIR গোচৰৰ ৰায়ৰ কথা উল্লেখ কৰি বিচাৰপীঠে এক ডাঙৰ মন্তব্য কৰে । আদালতে স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাটো নিৰ্বাচন আয়োগৰ কাম নহয়। আদালতে কয়:

“যেতিয়া কোনো ট্ৰিবুনেলে কয় যে কোনো ব্যক্তি SIR তালিকাত থাকিব নোৱাৰে, তেতিয়া নিৰ্বাচন আয়োগৰ দায়িত্ব হৈছে নাগৰিকত্ব আইনৰ অধীনত নাগৰিকত্ব নিৰ্ধাৰণ কৰিবলৈ গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা । নাগৰিকত্ব নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ কোনো সাংবিধানিক কৰ্তৃপক্ষ নহয় । আইনত ইয়াক লৈ কোনো বিভ্ৰান্তি নাই ।”

৫৮ লাখ ভোটাৰৰ নাম কৰ্তন, ৩৩ লাখৰো অধিক আপীল অমীমাংসিত

আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰ নাৰায়ণনে আদালতক জনায় যে পশ্চিম বংগত SIR প্ৰক্ৰিয়াৰ সময়ত হঠাতে ৫৮ লাখতকৈও অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে । ইয়াৰ বিপৰীতে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৯.৬৪ লাখ আবেদন (ফৰ্ম ৬ আৰু ৬A) আৰু নাম কৰ্তনৰ বাবে ৯৯,০০০ আবেদন পোৱা গৈছিল যদিও ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত মাত্ৰ ১.৮২ লাখ নামহে যোগ কৰা হয় ।

আদালতক জনোৱা হৈছে যে ভোটাৰসকলৰ আপত্তি আৰু দাবীৰ পৰ্যালোচনাৰ বাবে গঠিত ১৮ খন ট্ৰিবুনেলৰ লেহেমীয়া কাৰ্যপদ্ধতিৰ বাবে বৰ্তমান ৩৩.৫ লাখ আপীল অমীমাংসিত হৈ আছে । আনহাতে, যিবোৰ গোচৰ নিষ্পত্তি হৈছে তাৰে ৭০ শতাংশ লোকৰে দাবী গ্ৰহণ কৰা হৈছে । অধিবক্তাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে যেতিয়ালৈকে এই লাখ লাখ লোকৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত নহয়, তেতিয়ালৈকে তেওঁলোকক ৰেচন আৰু অন্যান্য চৰকাৰী কল্যাণকামী আঁচনিৰ পৰা বঞ্চিত কৰি ৰখা হৈছে, যিয়ে সংবিধানৰ অনুচ্ছেদ ১৪, ১৯ আৰু ২১ ৰ উলংঘন কৰিছে ।

লগতে পঢ়ক : ‘বন্দে মাতৰম’ৰ অপমান কৰিলে এতিয়াৰে পৰা হ’ব জে’ল!