অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…

অৱশেষত সোণম ৱাংচুকক লৈ মুখ খুলিলে অভিনেতা আমিৰ খানে…

আমিৰ খানে স্পষ্টকৈ কয় যে যেতিয়া এই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ লিখা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ লেখকসকলৰ কোনেও সোণম ৱাংচুকৰ বিষয়ে জনা নাছিল ২০০৯ চনৰ ব্লকবাষ্টাৰ হিন্দী ছবি ‘৩ ইডিয়টচ’-ৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ ‘ফুঞ্চুখ ৱাংডু’ চমুকৈ ৰেঞ্চ’ক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ

আমিৰ খানে স্পষ্টকৈ কয় যে যেতিয়া এই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ লিখা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ লেখকসকলৰ কোনেও সোণম ৱাংচুকৰ বিষয়ে জনা নাছিল

২০০৯ চনৰ ব্লকবাষ্টাৰ হিন্দী ছবি ‘৩ ইডিয়টচ’-ৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ ‘ফুঞ্চুখ ৱাংডু’ চমুকৈ ৰেঞ্চ’ক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে বলীউডৰ তাৰকা অভিনেতা আমিৰ খানে । ছবিখনৰ এই আইকনিক চৰিত্ৰটো লাডাখৰ বিখ্যাত উদ্ভাৱক তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল বুলি চলা চৰ্চাক অভিনেতাজনে সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ।

শেহতীয়াকৈ লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-ত অংশগ্ৰহণ কৰি এক প্ৰশ্নোত্তৰ অনুষ্ঠানত আমিৰ খানে স্পষ্টকৈ কয় যে যেতিয়া এই ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহ লিখা হৈ আছিল, তেতিয়া তেওঁ বা ছবিখনৰ লেখকসকলৰ কোনেও সোণম ৱাংচুকৰ বিষয়ে জনা নাছিল । ই এক সম্পূৰ্ণ ভুল ধাৰণা বুলি উল্লেখ কৰি খানে কয়, “যেতিয়া ছবিখন লিখা হৈ আছিল, আমাৰ হাতত সোণম ৱাংচুকৰ বিষয়ে কোনো তথ্য নাছিল আৰু মই তেওঁক ব্যক্তিগতভাৱেও চিনি নাপাইছিলোঁ ।”

সহ-অভিনেতা ওমি বৈদ্যৰ ভিডিঅ’ক ‘ভুল’ আখ্যা আমিৰৰ-

উল্লেখযোগ্য যে, ছবিখনত ‘চতুৰ ৰামালিংগম’ৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা ওমি বৈদ্যই শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি সোণম ৱাংচুকৰ প্ৰতিবাদক সমৰ্থন জনাইছিল । লগতে তেওঁ দাবী কৰিছিল যে ৰেঞ্চ’ৰ চৰিত্ৰটো ৱাংচুকৰ জীৱনৰ পৰাই অনুপ্ৰাণিত আছিল । ইয়াৰ পিছৰে পৰা আমিৰ খানৰ ওপৰতো এই সন্দৰ্ভত মুখ খুলিবলৈ ছচিয়েল মিডিয়াত অনুৰাগীৰ ব্যাপক চাপ সৃষ্টি হৈছিল । এই সন্দৰ্ভত আমিৰ খানে পোনপটীয়াভাৱে কয়, “ভিডিঅ’টোত চতুৰে (ওমি বৈদ্য) যি কৈছে সেয়া সম্পূৰ্ণ ভুল ।” তেওঁ লগতে কয় যে সোণম ৱাংচুকৰ কামৰ এক সুকীয়া পৰিচয় আৰু যোগ্যতা আছে, গতিকে তেওঁক সন্মান জনাবলৈ তেওঁ ‘৩ ইডিয়টচ’ৰ কোনো চৰিত্ৰৰ ওপৰত আধাৰিত হ’বই লাগিব বুলি কোনো কথা নাই ।

ৱাংচুকৰ অনশনক নৈতিক সমৰ্থন জনালে আমিৰ খানে-

চলি থকা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰাৰ লগতে বৰ্তমান দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশনত বহা সোণম ৱাংচুকক পূৰ্ণ নৈতিক সমৰ্থন আগবঢ়াইছে আমিৰ খানে । ৱাংচুকৰ প্ৰতিবাদক সমৰ্থন জনাই আমিৰ খানে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয়, “সোণম ৱাংচুকে যি কাম কৰি আছে সেয়া একেবাৰে সঠিক । তেওঁ অনশনত বহিছে আৰু বৰ্তমান তেওঁৰ স্বাস্থ্যৰ যি দৰে অৱনতি ঘটিছে, তাক লক্ষ্য কৰি বহুতে অনুভৱ কৰিছে যে তেওঁ এতিয়া এই অনশন ভংগ কৰা উচিত ।”

লগতে পঢ়ক : সোণম ৱাংচুকৰ অনশনত উদ্বেগ প্ৰকাশ দিল্লী উচ্চ ন্যায়ালয়ৰ