জাকাৰ্টাত মোদী মেজিক! প্ৰধানমন্ত্ৰীক আদৰিবলৈ নিজেই বিমানবন্দৰলৈ আহিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

জাকাৰ্টাত মোদী মেজিক! প্ৰধানমন্ত্ৰীক আদৰিবলৈ নিজেই বিমানবন্দৰলৈ আহিল ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী মোদী । ৰাষ্ট্ৰপতি প্ৰাৱোৱোৰ অভূতপূৰ্ব আদৰণি । আকাশমাৰ্গত যুঁজাৰু বিমানৰ সুৰক্ষা বেষ্টনী । তিনিখন দেশৰ চৰকাৰী ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত সোমবাৰে ইণ্ডোনেছিয়াত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জাকাৰ্টা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীক এক অভূতপূৰ্ব আৰু উষ্ম আদৰণি জনোৱা হয় । এক

ইণ্ডোনেছিয়াত প্ৰধানমন্ত্ৰী মোদী । ৰাষ্ট্ৰপতি প্ৰাৱোৱোৰ অভূতপূৰ্ব আদৰণি । আকাশমাৰ্গত যুঁজাৰু বিমানৰ সুৰক্ষা বেষ্টনী ।

তিনিখন দেশৰ চৰকাৰী ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত সোমবাৰে ইণ্ডোনেছিয়াত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জাকাৰ্টা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীক এক অভূতপূৰ্ব আৰু উষ্ম আদৰণি জনোৱা হয় । এক বিশেষ সন্মান প্ৰদৰ্শন স্বৰূপে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱোৱো চুবিয়ান্টোৱে নিজেই বিমানবন্দৰত উপস্থিত থাকি প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ।

কেৱল ইমানেই নহয়, প্ৰধানমন্ত্ৰী মোদীৰ বিমানখনে ইণ্ডোনেছিয়াৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ মুহূৰ্তৰে পৰা ইণ্ডোনেছিয়াৰ বায়ুসেনাৰ যুঁজাৰু বিমানে তেওঁৰ বিমানখনক বিশেষ সুৰক্ষা বেষ্টনীৰে সংগ দিয়ে ।

জাকাৰ্টাত সাংস্কৃতিক কাৰ্যসূচী উপভোগ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান ইণ্ডোনেছিয়াত এক গুৰুত্বপূৰ্ণ তিনিদিনীয়া ভ্ৰমণসূচীত আছে । জাকাৰ্টাত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ বাবে আয়োজন কৰা এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে । এই ভ্ৰমণে দুয়োখন দেশৰ মাজত থকা শতিকাপ্ৰাচীন সাংস্কৃতিক সম্পৰ্কক পুনৰবাৰ প্ৰতিষ্ঠা কৰিব বুলি আশা কৰা হৈছে ।

ভাৰত-ইণ্ডোনেছিয়া ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’ৰ নতুন অধ্যায়

উল্লেখ্য যে, ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াই তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কক এক ‘ব্যাপক কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছিল । এই ঐতিহাসিক উন্নয়নৰ পিছত ইণ্ডোনেছিয়ালৈ এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমখন দ্বিপাক্ষিক ভ্ৰমণ । অলপতে ২০২৫ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰপতি প্ৰাৱোৱোৰ ভাৰত ভ্ৰমণৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীৰ এই ইণ্ডোনেছিয়া যাত্ৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ।

ইণ্ডোনেছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- “ভাৰত আৰু ইণ্ডোনেছিয়াই দুই সহস্ৰাব্দযোৰা সুদৃঢ় সভ্যতাগত আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক শ্বেয়াৰ কৰে । এই ভ্ৰমণে দুয়োখন দেশৰ বহুমুখী অংশীদাৰিত্বৰ সকলো দিশক অধিক গভীৰ কৰিব । ভ্ৰমণকালত মই ইণ্ডোনেছিয়াত থকা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰিম আৰু ৰাষ্ট্ৰপতি প্ৰাৱোৱোৰ সৈতে যোগিয়াকাৰ্টাৰ প্ৰম্বানন মন্দিৰ প্ৰাংগণো দৰ্শন কৰিম ।”

ইণ্ডোনেছিয়াৰ পিছত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ

১৯৯১ চনত ভাৰত চৰকাৰে ‘পূবলৈ চোৱা নীতি’ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজনৈতিক, নিৰাপত্তা, প্ৰতিৰক্ষা, বাণিজ্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্কৰ দ্ৰুত বিকাশ ঘটিছে । এই তিনিদিনীয়া ভ্ৰমণসূচী শেষ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডোনেছিয়াৰ পৰা অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব আৰু তাৰ পিছত নিউজীলেণ্ডো ভ্ৰমণ কৰিব ।

লগতে পঢ়ক : ইণ্ডোনেছিয়াৰ পৰা নিজীলেণ্ডলৈ…৬দিনীয়া ভ্ৰমণসূচীৰে ৰাওনা প্ৰধানমন্ত্ৰী মোদী