দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত হাগ্ৰামা মহিলাৰী, কৰিলে ডাঙৰ ঘোষণা

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত হাগ্ৰামা মহিলাৰী, কৰিলে ডাঙৰ ঘোষণা

বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । পৰিষদৰ বিভিন্ন বিভাগত হ’ব পৰা দুৰ্নীতি আৰু অনিয়মৰ ওপৰত চকু ৰাখিবলৈ এটা সুকীয়া তদাৰকী গোট

বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

দুৰ্নীতিৰ বিৰুদ্ধে এক্সন মুডত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী । পৰিষদৰ বিভিন্ন বিভাগত হ’ব পৰা দুৰ্নীতি আৰু অনিয়মৰ ওপৰত চকু ৰাখিবলৈ এটা সুকীয়া তদাৰকী গোট গঠনৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে বিটিচি প্ৰধানগৰাকীয়ে ।

শনিবাৰ, বিটিচি সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহিলাৰীয়ে কয় যে পৰিষদৰ অধীনস্থ বিভিন্ন বিভাগত উত্থাপিত দুৰ্নীতি, ঘোচ লোৱা আৰু প্ৰশাসনিক অনিয়মৰ অভিযোগসমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ বিটিচিয়ে এটা ‘বিটিচি চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি’ গঠন কৰিব ।

চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে সময়মতে কাৰ্যালয়ত উপস্থিত নোহোৱা আৰু চৰকাৰী কাৰ্যকলাপৰ অন্যান্য গাফিলতিৰ সৈতে জড়িত অভিযোগসমূহো এই কমিটীয়ে পৰীক্ষা কৰিব । অধিক স্বচ্ছতা, দায়বদ্ধতা আৰু দক্ষ সেৱা প্ৰদান সুনিশ্চিত কৰিবলৈ এই কমিটীয়ে বিভাগীয় কাৰ্যকলাপৰ নিয়মীয়া পৰিদৰ্শন, পৰ্যবেক্ষণ আৰু পৰ্যালোচনা চলাব ।

বিটিচি প্ৰধানগৰাকীৰ মতে, প্ৰস্তাৱিত কমিটীখনে অসম চৰকাৰে গ্ৰহণ কৰা তদাৰকী ব্যৱস্থাৰ আৰ্হিত কাম কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে পৰিষদৰ প্ৰশাসনিক গাঁথনিৰ ভিতৰত প্ৰতিষ্ঠানিক তদাৰকী শক্তিশালী কৰা ।

ইফালে কাৰ্যবাহী পৰিষদে মালগাঁৱত চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ মালিকসকলৰ বাবে এককালীন ক্ষতিপূৰণ পেকেজতো অনুমোদন জনাইছে । অনুমোদিত পেকেজৰ অধীনত পট্টা (পঞ্জীভুক্ত) মাটিৰ মালিকে ৭ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব । আনহাতে খাচ (চৰকাৰী) মাটিৰ মালিকে লাভ কৰিব ২.৫ লাখ টকাকৈ ।

আন এক গুৰুত্বপূৰ্ণ ঘোষণাত মহিলাৰীয়ে কয় যে বিটিচি অঞ্চলত কৰ্মৰত সাংবাদিকসকললৈ অসম চৰকাৰৰ অধীনত সাংবাদিকসকলে বৰ্তমানে লাভ কৰি থকা সুযোগ-সুবিধা আৰু কল্যাণমূলক আঁচনিসমূহ সম্প্ৰসাৰিত কৰা হ’ব । এই সিদ্ধান্তসমূহ হৈছে প্ৰশাসনিক দায়বদ্ধতা বৃদ্ধি, শাসন ব্যৱস্থাৰ উন্নতি আৰু সমগ্ৰ অঞ্চলটোৰ যোগ্য অংশীদাৰসকললৈ কল্যাণমূলক সাহায্য প্ৰসাৰিত কৰাৰ বাবে বিটিচিয়ে চলোৱা প্ৰচেষ্টাৰ অংশ ।

লগতে পঢ়ক : প্ৰশাসন আৰু উন্নয়নত মহাকাশ প্ৰযুক্তি: ৫ বছৰত ASSAC-ৰ ৬০ টাতকৈও অধিক প্ৰকল্প সম্পূৰ্ণ!