ছানায়ে টাকাইচিৰ সৈতে দ্বিপাক্ষিক পৰ্যায়ৰ আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী

ছানায়ে টাকাইচিৰ সৈতে দ্বিপাক্ষিক পৰ্যায়ৰ আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। তাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত লিপ্ত হয় টাকাইচি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। তাৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত লিপ্ত হয় টাকাইচি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োখন দেশে তেওঁলোকৰ ‘বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব’ অধিক গভীৰ কৰাৰ লক্ষ্যৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণলৈ আহিছে। হায়দৰাবাদ হাউচত উপস্থিত হোৱাৰ পূৰ্বে, জাপানী প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। তেওঁক আনুষ্ঠানিক গাৰ্ড অব্ অনাৰো প্ৰদান কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সত পোষ্ট কৰি কয়, “আমাৰ বিশেষ অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তুলিছো। জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীক ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত এক আনুষ্ঠানিক আদৰণি জনোৱা হয়। এয়া বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত আৰু ভাগ-বতৰা কৰা মূল্যবোধৰ ওপৰত আধাৰিত ভৱিষ্যতৰ এক অংশীদাৰিত্ব।” আদৰণি অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ কেবিনেট সতীৰ্থ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলক জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে চিনাকি কৰাই দিয়ে।

ইয়াৰ পূৰ্বে, টাকাইচিয়ে নতুন দিল্লীত উপস্থিত হোৱাৰ লগে লগে জাপানে ভাৰত ভ্ৰমণক লৈ তেওঁলোকৰ উৎসাহ ব্যক্ত কৰে। এক্সৰ এটা পোষ্টত জাপানৰ কেবিনেট পাব্লিক ৰিলেশ্বন অফিচাৰে কয়, “আপোনালোকৰ উষ্ম আদৰণিৰ বাবে আমাৰ আন্তৰিক ধন্যবাদ। আমি ভাৰত ভ্ৰমণ কৰিবলৈ পাই অতিশয় উৎসাহিত হৈছোঁ!”

এই ভ্ৰমণকালত তেওঁ ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) মতে, এই শীৰ্ষ সন্মিলনে দুয়োগৰাকী নেতাক কৌশলগত, অৰ্থনৈতিক, প্ৰযুক্তিগত আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ এক সুযোগ প্ৰদান কৰিব।

এই ভ্ৰমণত বিনিয়োগ আৰু উদ্ভাৱন বৃদ্ধি, অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা আৰু ছেমিকণ্ডাক্টৰ তথা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ দৰে স্পৰ্শকাতৰ খণ্ডসমূহত স্থিতিস্থাপক যোগান শৃংখল উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে। কূটনৈতিক সূত্ৰই ইংগিত দিছে যে আলোচনাত সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা প্ৰযুক্তি সহযোগিতা আৰু বংগোপসাগৰ তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা এক “ঔদ্যোগিক মূল্য শৃংখল” (Industrial Value Chain) গঢ়ি তোলাৰ বিষয়সমূহো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: “ভাৰতলৈ আপোনাক স্বাগতম”: জাপানৰ প্ৰধানমন্ত্ৰীক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ