অতি সোনকালে নেটফ্লিক্সৰ নতুন ৰোমান্টিক ছবি ‘মুছাফিৰ কেফে’ত দেখা যাব অভিনেতা বিক্ৰান্ত মেছীক। আজি নিৰ্মাতাসকলে ছবিখনৰ টিজাৰ মুকলি কৰাৰ লগতে মুক্তিৰ তাৰিখো ঘোষণা কৰে।
অভিনেতা বিক্ৰান্ত মেছী, বেদিকা পিণ্টো আৰু মহিমা মাকৱানা অভিনীত আহিবলগীয়া ৰোমাণ্টিক ড্ৰামা ‘মুছাফিৰ কেফে’ -ৰ নিৰ্মাতাসকলে ইয়াৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। বুধবাৰে নেটফ্লিক্সে ধাৰাবাহিকখনৰ এটা টীজাৰ মুকলি কৰাৰ লগতে এই ঘোষণা কৰে। লেখক দিব্য প্ৰকাশ ডুবেৰ অনুৰূপ নামৰ জনপ্ৰিয় উপন্যাসখনৰ আধাৰত নিৰ্মিত এই ৰোমাণ্টিক ড্ৰামাখন অহা ২৪ জুলাইত প্ৰিমিয়াৰ হ’ব।
ভোপাল আৰু মুছৌৰীৰ পটভূমিত নিৰ্মিত ‘মুছাফিৰ কেফে’ তিনিজন অচিনাকি ব্যক্তিৰ জীৱনক লৈ আধাৰিত, যাৰ পথ অপ্ৰত্যাশিতভাৱে সংলগ্ন হৈ যায়। বিক্ৰান্ত মেছীয়ে চন্দৰ মোহন শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে— যি এনে এটা জীৱনৰ সন্ধানত আছে যাক তেওঁ সঁচাকৈয়ে নিজৰ বুলি ক’ব পাৰে।
এই ধাৰাবাহিকখনে প্ৰেম, বন্ধুত্ব, হেৰুৱা সুযোগ আৰু জীৱন সলনি কৰা মুহূৰ্তবোৰৰ এটা কাহিনী কথা কৈছে। চৰিত্ৰ তিনিটাই সম্পৰ্ক, ব্যক্তিগত সংগ্ৰাম আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ সৈতে মোকাবিলা কৰাৰ সময়ত কেনেকৈ ইজনে সিজনৰ জীৱনত প্ৰভাৱ পেলায়, সেয়া ইয়াত দেখুওৱা হৈছে।
‘মুছাফিৰ কেফে’ সৃষ্টি আৰু ৰচনা কৰিছে শৰণ্য ৰাজগোপালে আৰু পৰিচালনা কৰিছে ৰুচিৰ অৰুণে। দিব্য প্ৰকাশ ডুবেৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ধাৰাবাহিকখন ‘টেৰিবলি টাইনি টেলছ’ (TTT) এ প্ৰযোজনা কৰিছে আৰু ‘হোমমেড ষ্ট’ৰীজ’ ইয়াৰ সহ-প্ৰযোজক।
বিক্ৰান্ত মেছী, বেদিকা পিণ্টো আৰু মহিমা মাকৱানাৰ উপৰিও ধাৰাবাহিকখনত আদিল হুছেইন, ৰাজীৱ সিদ্ধাৰ্থ, অনুভা ফাতেহপুৰীয়া, লাভলীন মিশ্ৰ আৰু ছাদিয়া চিদ্দিকীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই আঠটা খণ্ডৰ ৰোমাণ্টিক ড্ৰামাখন অহা ২৪ জুলাইৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীমিং হ’ব।
লগতে পঢ়ক: পুৰণি কমেডিক লৈ পুনৰ বিতৰ্কত সময় ৰাইনা









