জুবিন গাৰ্গৰ বেংক একাউন্টৰ সকলো নথি তথা জুবিন গাৰ্গৰ সকলো সম্পত্তিৰ গৰিমা শইকীয়া গাৰ্গৰ নামত হস্তান্তৰ হ’ল। কামৰূপ (মহানগৰ) জিলা ন্যায়াধীশ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায়দান।
কামৰূপ (মহানগৰ) জিলা ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিছে। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ সপক্ষে এটা আইনী উত্তৰাধিকাৰী প্ৰমাণপত্ৰ জাৰি কৰিছে। এই ৰায়দান অনুসৰি পত্নী গৰিমা শইকীয়া গাৰ্গৰ নামত হস্তান্তৰ হ’ল জুবিন গাৰ্গৰ সকলো সম্পত্তিৰ নথি।তেওঁক জুবিন গাৰ্গৰ সম্পত্তিৰ আইনী উত্তৰাধিকাৰী হিচাপে আদালতে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।দৰাচলতে জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত স্বত বিচাৰি গৰিমা শইকীয়া গাৰ্গে আদালতত গোচৰ তৰিছিল। জুবিন গাৰ্গৰ বেংকত জমা ধনৰ পৰিমাণ মাত্ৰ ৯ লাখ ৬৩ হাজাৰ টকা। ফাঁচী বজাৰৰ ICICI বেংকৰ একাউণ্টত আছিল ১.৬৭ লাখ টকা। মুম্বাইৰ চাটাৰ্ড বেংক দুটাৰ একাউণ্টত আছিল ৪.৫১ লাখ টকা। আনহাতে মিউচুৱেল ফাণ্ডত জুবিন গাৰ্গে বিনিয়োগ কৰিছিল ৩.৪৫ লাখ টকা। এতিয়াৰে পৰা এই সমস্ত ধন অধিকাৰী হ’ল গৰিমা শইকীয়া গাৰ্গ।
এই অধিকাৰ লাভ কৰাৰ পিছতেই উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।কান্দি কান্দি গৰিমা শইকীয়া গাৰ্গে কয় যে, ‘এয়া অতি কষ্টকৰ সময়, জীৱনত এনে সময় কেতিয়াও বিচৰা নাছিলোঁ।জুবিন গাৰ্গৰ বেংক একাউণ্টৰ সকলো নথি আজি মোৰ হাতত পৰিল।এতিয়া অকলে এইখিনি হাতত লৈ মই একেবাৰে শান্তি পোৱা নাই।এতিয়া কেৱল তেঁওৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিম’।
লগতে পঢ়ক: গুৱাহাটী বিমানবন্দৰৰ প্ৰশংসনীয় পদক্ষেপ: যাত্ৰীক ঘূৰাই দিলে ১০ লাখ টকাৰ বিদেশী মুদ্ৰা









