অসম আৰক্ষীৰ বৃহৎ সফলতাঃ ৫৪ কোটিৰ সোণসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বৃহৎ সফলতাঃ ৫৪ কোটিৰ সোণসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীৰ অভূতপূৰ্ব সফলতা । গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত মহানগৰ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই জব্দ কৰিছে প্ৰায় ৫৪ কোটি টকাতকৈও অধিক মূল্যৰ সন্দেহযুক্ত সোণ । উদ্ধাৰ হোৱা এই হালধীয়া ধাতুৰ ওজন প্ৰায়

ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে

অসম আৰক্ষীৰ অভূতপূৰ্ব সফলতা । গুৱাহাটী মহানগৰীৰ খাৰঘূলি অঞ্চলত মহানগৰ আৰক্ষীয়ে এক বৃহৎ অভিযান চলাই জব্দ কৰিছে প্ৰায় ৫৪ কোটি টকাতকৈও অধিক মূল্যৰ সন্দেহযুক্ত সোণ । উদ্ধাৰ হোৱা এই হালধীয়া ধাতুৰ ওজন প্ৰায় ৩৭.০৬৪ কিলোগ্ৰাম । ইয়াৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহকাৰী চক্ৰৰ সম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লতাশিল আৰক্ষী আৰু SOG-ৰ যুটীয়া অভিযান

২৯ আৰু ৩০ জুনৰ নিশাটোৰ ভিতৰত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ বিশেষ অভিযান গোট (SOG)-ৰ পৰা লাভ কৰা এক গোপন আৰু নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত লতাশিল আৰক্ষী থানাই খাৰঘূলি অঞ্চলত এই অতৰ্কিত অভিযান চলাইছিল । অভিযানকালত আৰক্ষীয়ে ৩৭.০৬৪ কেজি সন্দেহযুক্ত সোণৰ উপৰিও ১৩ গ্ৰাম ৰূপৰ টুকুৰা/দানাও জব্দ কৰিবলৈ সক্ষম হয় ।

মহাৰাষ্ট্ৰৰ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অক্ষয় বানচোডে (৩২) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । ধৃত যুৱকজন মহাৰাষ্ট্ৰৰ চাংলী জিলাৰ বাসিন্দা যদিও বৰ্তমান তেওঁ গুৱাহাটীৰ গান্ধীবস্তিত আত্মগোপন কৰি আছিল । এই সন্দৰ্ভত লতাশিল আৰক্ষী থানাত ৪২/২০২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ।

অভিযুক্তই নিজৰ শাৰীৰিক প্ৰত্যাহ্বানৰ সুযোগ লৈ এখন কম্বলৰ তলত সোণখিনি লুকুৱাই সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল, যাতে কাৰো সন্দেহ নহয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

নগদ ধন আৰু ম’বাইল জব্দ

অভিযানকাৰী দলে অভিযুক্তৰ জিম্মাৰ পৰা সোণ-ৰূপৰ উপৰিও ৪ টা ম’বাইল ফোন, নগদ ৩,৭৫৫ টকা আৰু সোণৰ বিস্কুটসমূহ লুকুৱাই ৰাখিবলৈ ব্যৱহাৰ কৰা বেগসমূহো জব্দ কৰে । ধৃত অক্ষয় বানচোডে জব্দ কৰা এই বিশাল পৰিমাণৰ সামগ্ৰীখিনিৰ কোনো বৈধ আইনী নথি-পত্ৰ আৰক্ষীৰ সন্মুখত দাখিল কৰিব নোৱাৰিলে ।

আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰৰ সংযোগ

গুৱাহাটী আৰক্ষীৰ প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে, এই বৃহৎ সোণ সৰবৰাহৰ সৈতে এটা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক জড়িত হৈ আছে । এই চক্ৰটোৰ শিপা মধ্যপ্ৰাচ্য আৰু ম্যানমাৰলৈকে বিস্তৃত থকাৰ লগতে ভাৰতৰ ভিতৰত মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ দৰে মহানগৰীত ইয়াৰ সক্ৰিয় লিংক আছে । জানিব পৰা মতে, অভিযুক্তজনে ইয়াৰ পূৰ্বেও প্ৰায় ২০ কেজি সোণ সৰবৰাহ কৰিছিল । বৰ্তমান আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈ এই চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড আৰু বিত্তীয় লেনদেনৰ সন্দৰ্ভত গভীৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গুৱাহাটী বিমানবন্দৰত অসমীয়া ভাষা বৰ্জনৰ অভিযোগ: ৩ প্ৰাক্তন আমোলাৰ পত্ৰ

শেহতীয়া প্ৰৱন্ধসমূহ