টি-২০ বিশ্বকাপত সপোন ভংগ হ’লেও লছ এঞ্জেলছ অলিম্পিক ২০২৮-ত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এন্ট্ৰি! জানক কিদৰে নিশ্চিত হ’ল এই ঐতিহাসিক স্থান ?
আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬-ত ভাৰতীয় দলৰ যাত্ৰা গ্ৰুপ পৰ্যায়তে শেষ হ’লেও, হৰমনপ্ৰীত বাহিনীৰ বাবে আহিছে এক ঐতিহাসিক সুখবৰ । ভাৰতীয় মহিলা ক্ৰিকেট দলে লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ১২৮ বছৰৰ পাছত অলিম্পিকৰ মঞ্চত ক্ৰিকেটৰ প্ৰত্যাৱৰ্তন ঘটিব আৰু এই যাত্ৰাত ভাৰতৰ স্থান নিশ্চিত হোৱাটো দেশবাসীৰ বাবে এক গৌৰৱৰ বিষয় ।
কিদৰে ভাৰতে নিশ্চিত কৰিলে অলিম্পিকৰ টিকট?
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে অলিম্পিকৰ বাবে এক নতুন যোগ্যতা নিৰ্ণয়ৰ প্ৰক্ৰিয়া ঘোষণা কৰিছে । এই নিয়ম অনুসৰি, এছিয়াৰ পৰা কেৱল এটা পোনপটীয়া কোটা আছিল । টি২০ বিশ্বকাপত গ্ৰুপ পৰ্যায়ত বাহিৰ হ’লেও, টুৰ্ণামেন্টখনত এছিয়ান দলসমূহৰ ভিতৰত ভাৰতৰ প্ৰদৰ্শন আছিল সৰ্বশ্ৰেষ্ঠ । ফলত আইচিচিৰ নতুন নিয়মৰ আধাৰত এছিয়াৰ পৰা এই ঐতিহাসিক সুযোগ লাভ কৰিলে ভাৰতে ।
কোন কোন দলে লাভ কৰিলে স্থান?
আইচিচিৰ নিৰ্ধাৰিত নিয়ম অনুসৰি আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু ওচেনিয়াৰ পৰা এটাকৈ দলকে পোনপটীয়া প্ৰৱেশ দিয়া হৈছে । সেই অনুসৰি :
এছিয়া: ভাৰত
ওচেনিয়া: অষ্ট্ৰেলিয়া
আফ্ৰিকা: দক্ষিণ আফ্ৰিকা
ইউৰোপ: গ্ৰেট ব্ৰিটেইন
টুৰ্ণামেন্টৰ গঠন আৰু ভৱিষ্যত :
লছ এঞ্জেলছ অলিম্পিক ২০২৮-ৰ ক্ৰিকেট ইভেণ্টত মুঠ ৬টা দলে অংশগ্ৰহণ কৰিব । পঞ্চম স্থানৰ বাবে আয়োজক ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই সুযোগ পাব পাৰে, যদিহে তেওঁলোকে আইচিচি টি-২০ ৰেংকিঙৰ শীৰ্ষ-১৫ ত স্থান অৰ্জন কৰিব পাৰে । ষষ্ঠ স্থানটো ২০২৭ চনত হ’বলগীয়া আইচিচি অলিম্পিক কোৱালিফায়াৰৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব ।
ইতিহাসৰ সাক্ষী হ’বলৈ সাজু ক্ৰিকেট :
উল্লেখ্য যে ১৯০০ চনৰ পেৰিছ অলিম্পিকৰ পাছত ১২৮ বছৰ বিৰতিৰ অন্তত ক্ৰিকেটৰ এই প্ৰত্যাৱৰ্তনে ক্ৰীড়া জগতত নতুন উৎসাহৰ সৃষ্টি কৰিছে । আইচিচিৰ অধ্যক্ষ জয় শ্বাহে এই মুহূৰ্তক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি কয় যে ই বিশ্বজুৰি ক্ৰিকেটক অধিক জনপ্ৰিয় কৰি তুলিব ।
কেলিফৰ্নিয়াৰ পমোনাৰ ফেয়াৰপ্লেক্স ময়দানত অনুষ্ঠিত হ’বলগীয়া এই মেগা ইভেণ্টত ১৫ জনীয়া স্কোৱাড লৈ প্ৰতিটো দলে সোণৰ পদকৰ বাবে যুঁজ দিব । এই খবৰে ক্ৰিকেট অনুৰাগীসকলক গৌৰৱান্বিত কৰি তুলিছে ।
লগতে পঢ়ক : ১২৮ বছৰৰ পিছত অলিম্পিকলৈ ক্ৰিকেটৰ প্ৰত্যাৱৰ্তনঃ আনুষ্ঠানিকভাৱে ঘোষণা যোগ্যতা নিৰ্ণয় প্ৰণালী









