ফিফা বিশ্বকাপ২০২৬ ৰ প্ৰথম ৰাউণ্ড অৱ ৩২ মেচত সহ-আয়োজক কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে।এই জয়ৰ জৰিয়তে কানাডাই প্ৰি-কোৱাৰ্টাৰ ফাইনেল (১৬ ৰাউণ্ড)ত নিজৰ স্থান নিশ্চিত কৰিছে।
ফিফা বিশ্বকাপ ২০২৬-ৰ নকআউট পৰ্যায়ৰ প্ৰথমখন খেলতেই সহ-আয়োজক কানাডাই নিজৰ ফুটবল ইতিহাসৰ আটাইতকৈ সোণালী অধ্যায়টো লিখিলে। লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত ‘ৰাউণ্ড অৱ ৩২’ৰ এই কঠিন মেচখনত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বিদায় দিছে। এই ৰোমাঞ্চকৰ জয়ৰ সৈতে কানাডাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ১৬’ত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুয়োখন দেশৰ বাবে এই মেচখন ঐতিহাসিক আছিল, কাৰণ ইয়াৰ পূৰ্বে কানাডা বা দক্ষিণ আফ্ৰিকা কোনেও বিশ্বকাপৰ কোনো নকআউট মেচ খেলা নাছিল।
মেচখনৰ আৰম্ভণিৰ পৰাই খেলপথাৰত নকআউটৰ প্ৰবল হেঁচা স্পষ্ট হৈ পৰিছিল। দুয়োটা দলেই যথেষ্ট ডিফেঞ্চিভ খেল প্ৰদৰ্শন কৰে আৰু গ’ল কৰাৰ সুযোগ অতি কম আছিল। মেচখনৰ প্ৰথম বিপদজনক মুভটো দক্ষিণ আফ্ৰিকাই কৰিছিল যদিও কানাডাৰ গ’লকীপাৰ মেক্সিম ক্ৰেপিউৱে সুন্দৰভাৱে ৰক্ষা কৰি তেওঁলোকৰ আশা ধূলিসাৎ কৰে। ইয়াৰ পিছত কানাডিয়ান দলে উইংছৰ জৰিয়তে দ্ৰুত আক্ৰমণ চলায়। প্ৰথমাৰ্ধৰ ৪৩ মিনিটত কানাডাৰ হাতত অগ্ৰগতি লোৱাৰ সোণালী সুযোগ আছিল, যেতিয়া মইছে বম্বিটৰ শ্বটৰ পাছত ৰিবাউণ্ডত তাজোন বুকাননে আক্ৰমণ কৰিছিল যদিও দক্ষিণ আফ্ৰিকাৰ গ’লকীপাৰ ৰনৱেন উইলিয়ামছে এক জাদুকৰী ছেভ কৰি স্কোৰ ০-০ অৱস্থাত ৰাখে।
দ্বিতীয়াৰ্ধতো প্ৰতিযোগিতাখন সমানেই চলি আছিল। দক্ষিণ আফ্ৰিকাৰ অছৱিন অপলিছে কিছু ভাল প্ৰয়াস কৰিছিল যদিও তেওঁলোকে কানাডাৰ ডিফেঞ্চক ভেদ কৰিব নোৱাৰিলে। তাৰ পিছত মেচখনৰ ৭৪ মিনিটত কানাডাৰ তাৰকা খেলুৱৈ আলফনছো ডেভিছে আঘাতৰ পৰা সুস্থ হৈ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিছিল। ডেভিছৰ গতিয়ে কানাডাৰ ফৰৱাৰ্ড লাইনত নতুন প্ৰাণ সঞ্চাৰ কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ ডিফেঞ্চৰ ওপৰত হেঁচা বহুগুণে বৃদ্ধি পাইছিল।
যেতিয়া এনে লাগিছিল যে মেচখন অতিৰিক্ত সময়লৈ যাব, ঠিক সেই মুহূৰ্ততে কানাডাৰ মিডফিল্ডাৰ ষ্টিফেন ইষ্টাকিঅ’ৱে ইতিহাস সৃষ্টি কৰে। ৯২ মিনিটত ইষ্টাকিঅ’ৱে অত্যন্ত সুন্দৰভাৱে কোনো ভুল নকৰাকৈ এটা শক্তিশালী সঠিক শ্বট পোনে পোনে নেটৰ ভিতৰলৈ প্ৰেৰণ কৰে। দক্ষিণ আফ্ৰিকাৰ গ’লকীপাৰ উইলিয়ামছৰ হাতত এই শ্বটটো ৰোধ কৰাৰ কোনো সুযোগ নাছিল। এই গ’লটোৰ লগে লগে সমগ্ৰ ষ্টেডিয়াম আৰু কানাডাৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে। ইয়াৰ সৈতেই কানাডা ২০১৪ চনত ব্ৰাজিলৰ পিছত ৰেগুলাচন টাইমত নকআউট মেচ জয় কৰা প্ৰথমখন আয়োজক দেশ হৈ পৰিছে। এই ঐতিহাসিক জয়ৰ পিছত এতিয়া ‘ৰাউণ্ড অৱ ১৬’ত কানাডাই ৪ জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে মুখামুখি হ’ব।
লগতে পঢ়ক: আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ…









