‘২ বছৰ ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছো’; পদ্মভূষণ লাভ কৰি অলকা য়াগনিকৰ আৱেগিক পোষ্ট

‘২ বছৰ ধৰি চৰ্চাৰ পৰা আঁতৰত আছোঁ’; পদ্মভূষণ লাভ কৰি অলকা য়াগনিকৰ আৱেগিক পোষ্ট

মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে। ২৩ জুনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দ্বিতীয় পৰ্যায়ৰ পদ্ম বঁটা প্ৰদান কৰে। মুঠ ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হয়। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ

মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে।

২৩ জুনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দ্বিতীয় পৰ্যায়ৰ পদ্ম বঁটা প্ৰদান কৰে। মুঠ ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হয়। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিকক পদ্ম ভূষণ সন্মানেৰে বিভূষিত কৰা হয়। পদ্ম ভূষণ গ্ৰহণ কৰাৰ পিছত কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ অনুৰাগীসকলক নিজৰ স্বাস্থ্যৰ সন্দৰ্ভত অৱগত কৰিছে।

মঙলবাৰে অলকা য়াগনিক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয়। ৬০ বছৰীয়া কণ্ঠশিল্পীগৰাকীক এজন ব্যক্তিৰ সহায় লৈ মঞ্চলৈ উঠি যোৱা দেখা গৈছিল। তেওঁৰ এই ভিডিঅ’টো অনুৰাগীসকলৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে সকলোৱে তেওঁক লৈ চিন্তিত হৈ পৰে। এতিয়া তেওঁ এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ বিষয়ে জনাইছে। কণ্ঠশিল্পীগৰাকীৰ মতে, তেওঁ যোৱা দুবছৰ ধৰি লাইমলাইটৰ পৰা আঁতৰত আছে, কাৰণ তেওঁ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল।

কণ্ঠশিল্পী গৰাকীয়ে লিখিছে যে,  “যোৱা ২ বছৰ ধৰি মই চৰ্চাৰ পৰা আঁতৰত আছোঁ। ৰাজহুৱা অনুষ্ঠান আৰু নিজৰ যাত্ৰা শ্বেয়াৰ কৰাৰ পৰাও বিৰত আছোঁ। আপোনালোকৰ বহুজনেই জানে যে মই এক কঠিন স্বাস্থ্যজনিত পৰিস্থিতিৰ মাজেৰে গতি কৰি আছিলোঁ আৰু এই সকলোবোৰৰ মাজত আপোনালোকৰ মৰম, প্ৰাৰ্থনা, বাৰ্তা আৰু অপৰিসীম সমৰ্থন প্ৰতিটো খোজতে মোৰ লগত আছিল। আজি যেতিয়া মই দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান, প্ৰতিষ্ঠিত পদ্ম ভূষণ গ্ৰহণ কৰিবলৈ আহিলোঁ, তেতিয়া মোৰ হৃদয়খন কৃতজ্ঞতাৰে ভৰি পৰিল। এই সন্মান মই অতি নম্ৰতাৰে লাভ কৰিলোঁ। ইয়াত যদিও মোৰ নাম আছে, কিন্তু এই সন্মান সমানেই সেই প্ৰতিগৰাকী শ্ৰোতাৰো, যিয়ে নিজৰ জীৱনত মোৰ কণ্ঠক স্থান দিছে। মোৰ গানবোৰক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ লৈ গৈছে আৰু মোৰ উত্থান-পতন দুয়োটা সময়তে মোৰ কাষত থিয় দিছে।”

“এই মুহূৰ্তটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এয়া কেৱল মোৰ কামৰ স্বীকৃতি নহয়, বৰঞ্চ মৰম, আশা আৰু সাহসেৰে লাভ কৰা শক্তিৰ সোঁৱৰণীও। মই লাহে লাহে পুনৰ নিজৰ ভৰিত থিয় হৈছোঁ আৰু মই আজি ইয়াত উপস্থিত থাকিব বিচাৰিছিলোঁ, কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ এই যাত্ৰাৰ অংশ হোৱা প্ৰতিগৰাকী ব্যক্তিৰ বাবেও।”

তেওঁ আৰু কয় যে, “মই ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰক অন্তৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিয়ে মোক এই অসাধাৰণ সন্মানেৰে বিভূষিত কৰিলে। মই ইয়াক অত্যন্ত নম্ৰতা আৰু সন্মানেৰে গ্ৰহণ কৰিছোঁ। প্ৰাৰ্থনা আৰু মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে ধন্যবাদ। মই সকলোবোৰ মোৰ বুকুত সাঁচি ৰাখিম।”

শেষত তেওঁ লিখে যে, “আজি মই কেৱল এটা বঁটা গ্ৰহণ কৰা নাই, মই সেই লাখ লাখ মানুহৰ মৰম অনুভৱ কৰিছোঁ যিসকল মোৰ এই যাত্ৰাৰ অংশীদাৰ আছিল।”

লগতে পঢ়ক: দিলজিৎ দোছাঞ্জৰ অনুষ্ঠানত অঘটন; মঞ্চত উঠিল খালিস্তানী সমৰ্থক

শেহতীয়া প্ৰৱন্ধসমূহ