'সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে'; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

‘সন্ত্ৰাসবাদ আৰু সহযোগিতা একেলগে চলিব নোৱাৰে’; ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

সিন্ধু জল চুক্তিক লৈ পুনৰ এবাৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ভাৰতে । চুবুৰীয়া দেশখনক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ আখ্যা দি ভাৰতে কয় যে, পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব । ঐতিহাসিক সিন্ধু জল চুক্তিক বৰ্তমান সময়ৰ বাবে

সিন্ধু জল চুক্তিক লৈ পুনৰ এবাৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰিছে ভাৰতে । চুবুৰীয়া দেশখনক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ আখ্যা দি ভাৰতে কয় যে, পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব ।

ঐতিহাসিক সিন্ধু জল চুক্তিক বৰ্তমান সময়ৰ বাবে “অপ্ৰাসংগিক” আৰু অনুপযোগী আখ্যা দি ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে । নতুন দিল্লীয়ে স্পষ্টকৈ জনাই দিছে যে যিখন দেশে ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ভিত্তিত গঢ়ি উঠা সহযোগিতাৰ সুবিধা লাভ কৰাৰ আশা কৰিব নোৱাৰে ।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৬২-তম অধিৱেশনত ভাৰতৰ উত্তৰ দিয়াৰ অধিকাৰ ব্যৱহাৰ কৰি পাকিস্তানৰ সকলো অভিযোগ প্ৰত্যাখ্যান কৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰথম সচিব অনুপমা সিঙে । আন্তঃৰাষ্ট্ৰীয় মঞ্চত দ্বিপাক্ষিক বিষয়সমূহ বাৰে বাৰে উত্থাপন কৰাৰ বাবে তেওঁ ইছলামাবাদৰ প্ৰচেষ্টাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

১৯৬০ চনৰ চুক্তি চিৰস্থায়ী অধিকাৰ হ’ব নোৱাৰে

সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰি কূটনীতিবিদ অনুপমা সিঙে কয়-

“যিখন দেশে নীতি হিচাপে সন্ত্ৰাসবাদ ৰপ্তানি কৰে, সেই দেশে সদিচ্ছা আৰু বন্ধুত্বৰ ওপৰত প্ৰতিষ্ঠিত সহযোগিতাৰ সুযোগ দাবী কৰাটো যুক্তিহীন । এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে এই চুক্তিখন এতিয়া পুৰণি হৈ পৰিছে । বিশ্বখন ইমান সলনি হৈ যোৱাৰ পিছত কোনো কাৰিকৰী ব্যৱস্থা চিৰকালৰ বাবে একেই থাকিব নোৱাৰে । ১৯৬০ চনত আলোচনা কৰা এখন চুক্তিক এক চিৰস্থায়ী অধিকাৰ হিচাপে গণ্য কৰিব নোৱাৰি, যাক জবাবদিহিতাৰ পৰা মুক্ত আৰু বৰ্তমানৰ বাস্তৱতাৰ পৰা আঁতৰত কৰি ৰখা হ’ব ।”

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল । ইয়াৰ পিছতে ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তিখন সাময়িকভাৱে স্থগিত ৰাখিছে । পাকিস্তানে আন্তঃসীমান্ত সন্ত্ৰাসবাদৰ প্ৰতি থকা নিজৰ সমৰ্থন বিশ্বাসযোগ্যভাৱে আৰু স্থায়ীভাৱে ত্যাগ নকৰা পৰ্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি ভাৰতে স্পষ্ট কৰি দিয়ে ।

সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তানৰ কৃষি

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, পাকিস্তান নিজৰ অৰ্থনীতি আৰু কৃষিৰ বাবে সম্পূৰ্ণৰূপে সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল । দেশখনে নিজৰ ১৬ নিযুত হেক্টৰ কৃষিপথাৰৰ ৮০ শতাংশ আৰু মুঠ পানী ব্যৱহাৰৰ ৯৩ শতাংশ কেৱল সিন্ধু নদী তন্ত্ৰৰ পৰাই লাভ কৰে । ইয়াৰ পিছতো ভাৰতবিৰোধী কাৰ্যকলাপ চলাই থকা কাৰ্যক ভাৰতে গৰিহণা দিছে ।

পাকিস্তান এক ‘ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ’

অনুপমা সিঙে লগতে মন্তব্য কৰে যে পাকিস্তানে ভাৰতৰ ভূখণ্ডৰ প্ৰতি লোভ কৰাৰ পৰিৱৰ্তে নিজৰ ঘৰখন চম্ভালিলে দেশখনৰ জনসাধাৰণৰ অধিক মংগল হ’ব । পাকিস্তানক এক “ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰ” বুলি বৰ্ণনা কৰি তেওঁ কয়-

“এইখন এনে এখন দেশ য’ত প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিজেই ৰাজ্যিক নীতি হিচাপে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া, প্ৰশিক্ষণ দিয়া আৰু মোতায়েন কৰাৰ অহংকাৰ কৰে, অথচ পাকিস্তানে নিজকে সন্ত্ৰাসবাদৰ বলি বুলি দাবী কৰে । এয়া এক ফ্ৰাংকেনষ্টাইন ৰাষ্ট্ৰৰ জীৱন্ত উদাহৰণ, যাৰ নিজৰ পোহনীয়া অসুৰটোৱে যেতিয়া নিজে কামুৰে, তেতিয়া তেওঁলোক আচৰিত হৈ পৰে ।”

জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ

ভাৰতীয় কূটনীতিবিদগৰাকীয়ে জম্মু-কাশ্মীৰ সন্দৰ্ভত পাকিস্তান আৰু ইছলামিক সহযোগিতা সংস্থা-ই কৰা মন্তব্যও দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে পাকিস্তানৰ এই প্ৰচাৰ কেৱল নিজৰ ঘৰুৱা ব্যৰ্থতা আৰু সন্ত্ৰাসবাদৰ সমৰ্থনক লুকুৱাবলৈ কৰা এক প্ৰয়াসহে । জম্মু-কাশ্মীৰ সদায় ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব । বৰ্তমান একমাত্ৰ সমাধান নোহোৱা বিষয়টো হ’ল ভাৰতীয় ভূখণ্ডৰ ওপৰত পাকিস্তানৰ অবৈধ দখলদাৰিত্বহে ।

লগতে পঢ়ক : ইৰাণৰ সৈতে যুদ্ধৰ অৱসান : ঐতিহাসিক বুজাবুজিৰ চুক্তিত ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ

শেহতীয়া প্ৰৱন্ধসমূহ