বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচৰ পৰাই বাহিৰ নেইমাৰ!

বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচৰ পৰাই বাহিৰ নেইমাৰ!

চলিত ফুটবল বিশ্বকাপত নেইমাৰক সোনকালেই খেলপথাৰত দেখিবলৈ পোৱাৰ ব্ৰাজিলিয়ান অনুৰাগীৰ আশাত চেঁচা পানী পৰিছে ফিফা বিশ্বকাপত নেইমাৰক সোনকালেই খেলপথাৰত দেখিবলৈ পোৱাৰ ব্ৰাজিলিয়ান অনুৰাগীৰ আশাত চেঁচা পানী পৰিছে । সোমবাৰে ৩৪ বছৰীয়া অভিজ্ঞ ফৰৱাৰ্ডগৰাকীৰ সোঁ ভৰিৰ আঘাতৰ বাবে নতুনকৈ কেইটামান পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰ

চলিত ফুটবল বিশ্বকাপত নেইমাৰক সোনকালেই খেলপথাৰত দেখিবলৈ পোৱাৰ ব্ৰাজিলিয়ান অনুৰাগীৰ আশাত চেঁচা পানী পৰিছে

ফিফা বিশ্বকাপত নেইমাৰক সোনকালেই খেলপথাৰত দেখিবলৈ পোৱাৰ ব্ৰাজিলিয়ান অনুৰাগীৰ আশাত চেঁচা পানী পৰিছে । সোমবাৰে ৩৪ বছৰীয়া অভিজ্ঞ ফৰৱাৰ্ডগৰাকীৰ সোঁ ভৰিৰ আঘাতৰ বাবে নতুনকৈ কেইটামান পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰ পিছৰে পৰা তেওঁৰ দীৰ্ঘ প্ৰত্যাশিত বিশ্বকাপ অভিষেকক লৈ সন্দেহ আৰু অধিক ঘনীভূত হৈ পৰিছে ।

আমেৰিকাৰ নিউ জাৰ্চীৰ মৰিচটাউনত ব্ৰাজিলৰ প্ৰস্তুতি শিবিৰ আৰম্ভ হোৱাৰে পৰা দলৰ বাহিৰত থকা চেণ্টোচৰ তাৰকাগৰাকীয়ে পুনৰ খেলপথাৰৰ প্ৰশিক্ষণত যোগ দিব বুলি এক আশাৰ সঞ্চাৰ হৈছিল । কিন্তু তাৰ পৰিৱৰ্তে তেওঁ অতিৰিক্ত পৰীক্ষাৰ বাবে এটা ক্লিনিকলৈ যাবলগীয়া হয় । ব্ৰাজিলিয়ান ফুটবল কনফেডাৰেচনে এতিয়ালৈকে এই পৰীক্ষাৰ ফলাফল ৰাজহুৱা কৰা নাই । এই ঘটনাই নেইমাৰে সমগ্ৰ গ্ৰুপ পৰ্যায়ৰ মেচসমূহ হেৰুৱাব পাৰে বুলি আশংকা তীব্ৰতৰ কৰি তুলিছে ।

নকআউট পৰ্যায়ক লক্ষ্য হিচাপে লৈছে ব্ৰাজিলে

ব্ৰাজিলৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, যোৱা ১৭ মে’ত চেণ্টোচৰ হৈ খেলোঁতে নেইমাৰে লাভ কৰা ‘গ্ৰেড-টু’ তলুৱাৰ আঘাতৰ বাবে ব্ৰাজিলৰ চিকিৎসা দলে কোনো ধৰণৰ লৰালৰি কৰিব বিচৰা নাই । ক্ষিপ্ৰ প্ৰত্যাৱৰ্তনতকৈ তেওঁৰ দীৰ্ঘম্যাদী সুস্থতাকহে অগ্ৰাধিকাৰ দিয়া হৈছে ।

জানিব পৰা মতে অভিজ্ঞ খেলুৱৈগৰাকীয়ে এতিয়ালৈকে কোনো পূৰ্ণাংগ দলীয় প্ৰশিক্ষণত অংশগ্ৰহণ কৰা নাই । তেওঁ বৰ্তমান কেৱল জিমৰ পাতল কচৰৎ আৰু পুনৰ্সংস্থাপনৰ মাজতে সীমাবদ্ধ আছে । তেওঁ সম্পূৰ্ণৰূপে বিষমুক্ত হ’লেহে খেলপথাৰত বলৰ সৈতে পূৰ্ণাংগ অনুশীলনৰ অনুমতি পাব ।

ইএছপিএন আৰু গোল ডট কম-ৰ প্ৰতিবেদন অনুসৰি, ব্ৰাজিলে নেইমাৰক আগতীয়াকৈ খেলপথাৰলৈ নমাই আনি তেওঁৰ সমগ্ৰ প্ৰতিযোগিতাখন বিপদাপন্ন কৰাতকৈ কেৱল নকআউট পৰ্যায়ৰ বাবে সম্পূৰ্ণ সুস্থ কৰি প্ৰস্তুত কৰাতহে মনোনিৱেশ কৰিছে । এই সাৱধানী পদক্ষেপৰ বাবে অহা শুকুৰবাৰে ফিলাডেলফিয়াত হাইটিৰ বিৰুদ্ধে আৰু ২৪ জুনত স্কটলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ব্ৰাজিলৰ অন্তিমখন গ্ৰুপ পৰ্যায়ৰ খেলতো নেইমাৰে খেলাৰ সম্ভাৱনা তেনেই ক্ষীণ ।

প্ৰথম মেচৰ ড্ৰ’ৰ পিছত তীব্ৰ হৈছে নেইমাৰৰ অভাৱ

বিশ্বকাপৰ নিজৰ প্ৰথমখন খেলত মৰক্কোৰ বিৰুদ্ধে ব্ৰাজিলে ১-১ গ’লত ড্ৰ’ খেলাৰ পিছৰে পৰা নেইমাৰৰ অনুপস্থিতিৰ বিষয়টোৱে ডাঙৰ ৰূপ ধাৰণ কৰিছে । আফ্ৰিকান দলটোৰ বিৰুদ্ধে ব্ৰাজিলৰ ফৰৱাৰ্ড লাইনে সৃষ্টিশীলতাৰ অভাৱত বাৰুকৈয়ে সংগ্ৰাম কৰিবলগীয়া হৈছিল ।

এই প্ৰদৰ্শনৰ পিছত একাংশ সমালোচকে ৩৪ বছৰীয়া খেলুৱৈগৰাকীক দলত লোৱাক লৈ কৰা প্ৰশ্ন (যুৱ খেলুৱৈক সুযোগ নিদিয়াৰ যুক্তি) যেন স্তিমিত হৈ পৰিছে । বৰঞ্চ ফুটবল বিশেষজ্ঞসকলৰ মতে, বিশ্বকাপৰ দৰে এক তীব্ৰ চাপ সৃষ্টিকাৰী প্ৰতিযোগিতাত ব্ৰাজিলক ত্ৰাণকৰ্তা হিচাপে উদ্ধাৰ কৰিবলৈ নেইমাৰৰ অভিজ্ঞতা আৰু সৃষ্টিশীলতা অত্যন্ত গুৰুত্বপূৰ্ণ । এতিয়া কোটি কোটি অনুৰাগীয়ে অপেক্ষা কৰিছে— কেতিয়া খেলপথাৰলৈ উভতিব ‘মেচ উইনাৰ’ নেইমাৰ !

লগতে পঢ়ক : ফিফা বিশ্বকাপৰ মঞ্চত বিশ্ববাসীৰ হৃদয় জিনিলে জাপানৰ অনুৰাগীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ