গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ স্বীকৃতি । বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী বিমানবন্দৰে । এই খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক ।
ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনন্য স্বীকৃতি । বিশ্বৰ আটাইতকৈ ধুনীয়া তথা সুন্দৰ বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী বিমানবন্দৰে । কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ৰাজ্যবাসীক এই খবৰ অৱগত কৰে ।
গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো Prix Versailles World’s Most Beautiful Airports List 2026-ত অন্তৰ্ভুক্ত হৈছে ।
সামাজিক মাধ্যমত এক্স-ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই স্বীকৃতিয়ে অসমৰ স্থাপত্যশৈলীৰ পৰিচয় আৰু ডিজাইনৰ পৰম্পৰাৰ প্ৰতি ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় প্ৰশংসাক প্ৰতিফলিত কৰিছে ।
এক্স-ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ স্থাপত্যশৈলীৰ পৰিচয়ক সমগ্ৰ বিশ্বই আদৰি লৈছে ।” তেওঁ লগতে কয় যে থলুৱা কলা, স্থানীয় শিল্পকলা আৰু প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত উপাদানসমূহৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা ডিজাইনৰ বাবে টাৰ্মিনেলটোৱে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে ।
এই স্বীকৃতিক ৰাজ্যখনৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে বিবেচিত এই বিমানবন্দৰটোৱে বিশ্বৰ একাংশ শ্ৰেষ্ঠ বিমানবন্দৰৰ ডিজাইনক প্ৰশংসা কৰা এক সুকীয়া তালিকাত স্থান লাভ কৰিছে ।
ফেচবুকৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ এই আলোকচিত্ৰসমূহ নতুন অসমৰ অভূতপূৰ্ব গৌৰৱৰ প্ৰতীক ।
জনপ্ৰিয় প্ৰিক্স ভাৰ্ছেইলছ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল–২-এ বিশ্ব মঞ্চত অসমক নতুন পৰিচয় দিছে ।
অসমৰ সমৃদ্ধ ঐতিহ্য, থলুৱা শিল্পকলা, প্ৰকৃতিৰ সৌন্দৰ্য আৰু স্থানীয় কাৰুকাৰ্যৰ অনন্য সমন্বয়েৰে নিৰ্মিত এই টাৰ্মিনেল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হিচাপে আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সুন্দৰ বিমানবন্দৰসমূহৰ সন্মানীয় তালিকাত নিজৰ স্থান সুনিশ্চিত কৰিব পৰাটো এক পৰম গৌৰৱৰ বিষয়৷ বিশ্বমুখী অগ্ৰগামী যাত্ৰাৰ এক গৌৰৱোজ্জ্বল স্বীকৃতিৰ ক্ষণত অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ ৷”
উল্লেখ্য যে, গুৱহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক দৃশ্যৰ দ্বাৰা অনুপ্ৰাণিত স্থাপত্যৰে ডিজাইন কৰা হৈছিল । ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আধুনিক যাত্ৰী সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ পৰিচয় প্ৰতিফলিত কৰাৰ উদ্দেশ্যে পৰম্পৰাগত মটিফ আৰু স্থানীয়ভাৱে অনুপ্ৰাণিত ডিজাইনৰ উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।
Prix Versailles হৈছে এক আন্তঃৰাষ্ট্ৰীয় বঁটা কাৰ্যসূচী, যিয়ে বিমানবন্দৰ, হোটেল, সংগ্ৰহালয় আৰু ৰাজহুৱা আন্তঃগাঁথনিকে ধৰি বিভিন্ন শ্ৰেণীৰ স্থাপত্য আৰু ডিজাইনৰ উৎকৃষ্টতাক স্বীকৃতি প্ৰদান কৰে ।
লগতে পঢ়ক : গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!









