ৰাজ্যৰ যোগাযোগ আৰু শিক্ষা ব্যৱস্থাৰ উন্নতিকল্পে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা সদৰী কৰে
শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ ক্ৰমাগত দামবৃদ্ধিয়ে সাধাৰণ নাগৰিকক প্ৰভাৱিত কৰাৰ লগতে চৰকাৰৰ বাবেও এক গুৰুতৰ চিন্তাৰ বিষয় হৈ পৰিছে । এই সন্দৰ্ভত দেওবাৰে এক ফেচবুক মিডিয়া লাইভৰ জৰিয়তে ৰাইজক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গোলকীয় ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু শক্তি বজাৰৰ খেলিমেলিয়েই হৈছে এই মূল্যবৃদ্ধিৰ প্ৰধান কাৰণ ।
আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু খাৰুৱা তেলৰ প্ৰভাৱ
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ ইন্ধনৰ বজাৰখন বহু পৰিমাণে আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীল । ভাৰতে ইয়াৰ খাৰুৱা তেলৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৯০ শতাংশই আৰব ৰাষ্ট্ৰসমূহ, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভেনিজুৱেলাৰ পৰা আমদানি কৰে । বিশেষকৈ পশ্চিম এছিয়া তথা ইৰান-আমেৰিকাৰ মাজত চলি থকা সংঘাত আৰু অস্থিৰতাই বিশ্ব বজাৰত প্ৰভাৱ পেলাইছে ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বজাৰৰ এই উঠা-নমাৰ পৰা সাধাৰণ জনসাধাৰণক সুৰক্ষিত কৰিবলৈ আৰু ইন্ধনৰ বৰ্ধিত মূল্যৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ নিৰন্তৰ প্ৰয়াস চলাই আহিছে । আশা কৰা হৈছে যে কূটনৈতিক বুজাবুজিৰ জৰিয়তে এই উত্তেজনা সোনকালেই শাম কাটিব আৰু গ্ৰাহকসকলে সকাহ পাব ।”
নিৰ্বাচনী ফলাফল আৰু বিত্তীয় প্ৰত্যাহ্বান
শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক এক অভূতপূৰ্ব আৰু নিৰ্ণায়ক বিজয় উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এই জনমতে চৰকাৰৰ ওপৰত এক চিৰস্থায়ী দায়িত্ব অৰ্পণ কৰিছে । ইয়াৰ উপৰি, ২০১৪ চনৰ পৰা অসমে লাভ কৰা উল্লেখনীয় বিকাশৰ খতিয়ান দাঙি ধৰি তেওঁ প্ৰধানমন্ত্ৰী মোদীক কাৰ্যকালৰ ১২ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনায় ।
অৱশ্যে, গোলকীয় অৰ্থনৈতিক অনিশ্চয়তাৰ বাবে অসম চৰকাৰেও কিছু বিত্তীয় সীমাবদ্ধতাৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু নিৰ্বাচনৰ ঠিক পিছতেই বিত্তীয় দিশটো পৰিচালনা কৰাটো বৰ্তমান চৰকাৰৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে বুলি তেওঁ স্বীকাৰ কৰে ।
আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব ‘অৰুণোদয়’ আৰু ‘নিযুত মইনা’
বিত্তীয় প্ৰত্যাহ্বানৰ মাজতো চৰকাৰে কল্যাণমুখী আঁচনিসমূহ স্থবিৰ হ’বলৈ দিয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে । তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে :
অৰুণোদয় আঁচনি : অহা ২-৩ আগষ্টৰ পৰা এই আঁচনিৰ অধীনত নগদ ধন হস্তান্তৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব ।
ৰেচন কাৰ্ড ধাৰীৰ বাবে বিশেষ সুবিধা : সুলভ মূল্যৰ দোকানৰ জৰিয়তে হিতাধিকাৰীসকলক দাইল, নিমখ আৰু চেনিৰ বিতৰণ পুনৰ আৰম্ভ কৰা হ’ব ।
নিযুত মইনা আঁচনি : ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে ঘোষণা কৰা এই অভিলাষী আঁচনিখনো অহা আগষ্ট মাহৰ পৰা পুনৰ সক্ৰিয় হ’ব ।
ইউচিচি : চৰকাৰে ইতিমধ্যে ‘ইউনিফৰ্ম চিভিল ক’ড’ আইনৰ অনুমোদন লাভ কৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা বুলি তেওঁ প্ৰকাশ কৰে ।
আন্তঃগাঁথনি উন্নয়নৰ মেগা প্লেন
ৰাজ্যৰ যোগাযোগ আৰু শিক্ষা ব্যৱস্থাৰ উন্নতিকল্পে মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা সদৰী কৰে :
সুৰংগ পথ: প্ৰস্তাৱিত গহপুৰ-নুমলীগড় সুৰংগ পথৰ নিবিদা (টেন্ডাৰ) প্ৰক্ৰিয়া অহা এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব ।
পথ আৰু উৰণ সেতু : বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলিক ৰিং ৰোডৰ সৈতে সংযোগ কৰা এটা ফ’ৰ-লেন যুক্ত পথ নিৰ্মাণ কৰা হ’ব । লগতে জালুকবাৰী আৰু বৰঝাৰ বিমানবন্দৰ সংযোগী নতুন উৰণ সেতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।
এক্সপ্ৰেছ হাইৱে : শিলচৰ-বৰাপানী-গুৱাহাটী হৈ শ্ৰীৰামপুৰ-শিলিগুৰি পৰ্যন্ত সংযোগ কৰা এটা বিশাল এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে চৰকাৰে পৰিকল্পনা হাতত লৈছে ।
অন্যান্য প্ৰকল্প : ধুবুৰীৰ ৰূপসী বিমানবন্দৰক এটা লজিষ্টিক হাবলৈ ৰূপান্তৰিত কৰা হ’ব । ইয়াৰ উপৰি প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান গঢ়ি তোলা হ’ব । ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে ৫০০ কোটি টকা ব্যয় কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ । কামাখ্যা কৰিডৰ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হোৱা বুলিও তেওঁ জনায় ।
শেষত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ সাংস্কৃতিক পৰিচয় আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে ।
জুলাইৰ প্ৰথম সপ্তাহতে মোদীৰ অসম ভ্ৰমণ
অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব আৰু গুৱাহাটীত বাহৰ পাতিব । এই একে সময়ছোৱাতে এগৰাকী বিশিষ্ট বিদেশী নেতায়ো অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে এক তাৎপৰ্যপূৰ্ণ ইংগিত প্ৰদান কৰে ।
লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ









