পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক আক্ৰমণ কৰে কল্যাণ বেনাৰ্জীয়ে।
তৃণমূল কংগ্ৰেছৰ প্ৰভাৱশালী নেতা কল্যাণ বেনাৰ্জীৰ লাগে লাগে সুৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰিছে। কল্যাণ বেনাৰ্জীয়ে এটা সাক্ষাৎকাৰত কয়, “এয়া মোৰ বাবে অতি অপমানজনক। তেওঁৰ অহংকাৰী মনোভাৱে সমগ্ৰ দলটো ধ্বংস কৰি পেলাইছে, এই কথা তেওঁ বুজি পোৱা উচিত। তেওঁৰ ভুল আচৰণে সকলো শেষ কৰি দিলে। আনকি বেয়া সময়তো তেওঁৰ সদায় নিজকে এজন ৰজা যেন অনুভৱ কৰে। মই যেতিয়া দলটোৰ বাবে আৰু মমতা বেনাৰ্জীৰ কাষত থিয় দিছিলো, তেতিয়া অভিষেক বেনাৰ্জীৰ এই অহংকাৰী মনোভাৱৰ বাবেই মোৰ কাম কৰাটো অসম্ভৱ হৈ পৰিছে।” কল্যাণ বেনাৰ্জীয়ে কয়, “মই মমতা বেনাৰ্জীৰ লগত আছোঁ, কিন্তু তেওঁ সিদ্ধান্ত ল’ব লাগিব যে যদি তেওঁ অভিষেকৰ অবিহনে দল চলাব নোৱাৰে, তেন্তে মই তেওঁৰ সৈতে নাই।”
কল্যাণ বেনাৰ্জীৰ এই ভিডিঅ’টো এনে এক সময়ত আহিছে, যেতিয়া তৃণমূল কংগ্ৰেছৰ উচ্চতম নেত্ৰী মমতা বেনাৰ্জীয়ে চাৰিওফালৰ পৰা বিদ্ৰোহৰ মুখামুখি হৈছে। টিএমচিৰ ৫৮ গৰাকী বিধায়কে এটা সুকীয়া গোট গঠন কৰি বিধানসভাত ঋতব্ৰত বেনাৰ্জীক নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে। টিএমচিৰ প্ৰায় ১৯ গৰাকী লোকসভা সাংসদেও সুকীয়া গোট গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে। ৰাজ্যসভাৰ তিনিগৰাকী সাংসদেও ইতিমধ্যে টিএমচিৰ পৰা পদত্যাগ কৰিছে।
টিএমচিৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুস্মিতা দেৱৰ পিছত প্ৰকাশ চিক বৰাইকেও পদত্যাগ পত্ৰ দাখিল কৰিছে। দলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা বহু নেতাই অভিষেক বেনাৰ্জীৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
লগতে পঢ়ক: টিএমচিত বিপৰ্যয়; মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সাংসদ সুষ্মিতা দেৱৰ পদত্যাগ









