ট্ৰাম্পৰ নিৰ্দেশ ওফৰাই ইজৰাইলৰ ওপৰত পুনৰ ইৰাণৰ ভয়ংকৰ আক্ৰমণ

ট্ৰাম্পৰ নিৰ্দেশ ওফৰাই ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ইৰাণৰ

মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। বিগত দুমাহ ধৰি চলি থকা যুদ্ধবিৰতিৰ মাজতে ইৰাণে দেওবাৰে নিশা ইজৰাইলত মিছাইল নিক্ষেপ কৰে। মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। দেওবাৰে গভীৰ নিশা ইজৰাইলৰ ওপৰত ইৰাণে ভয়ংকৰ আক্ৰমণ চলাইছিল, যাৰ প্ৰত্যুত্তৰত এতিয়া সোমবাৰে পুৱতি নিশা ইজৰাইলে ইৰাণৰ কেইবাটাও সামৰিক ঘাটিক

মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। বিগত দুমাহ ধৰি চলি থকা যুদ্ধবিৰতিৰ মাজতে ইৰাণে দেওবাৰে নিশা ইজৰাইলত মিছাইল নিক্ষেপ কৰে।

মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধ তীব্ৰতৰ হৈ পৰিছে। দেওবাৰে গভীৰ নিশা ইজৰাইলৰ ওপৰত ইৰাণে ভয়ংকৰ আক্ৰমণ চলাইছিল, যাৰ প্ৰত্যুত্তৰত এতিয়া সোমবাৰে পুৱতি নিশা ইজৰাইলে ইৰাণৰ কেইবাটাও সামৰিক ঘাটিক লক্ষ্য কৰি এক বৃহৎ বিমান আক্ৰমণ চলায়।

ইজৰাইলে দাবী কৰিছে যে ইৰাণৰ তৰফৰ পৰা গভীৰ নিশা বুজন পৰিমাণৰ মিছাইল নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ দখলত থকা ৱেষ্ট বেংকৰ আকাশত কেইবাটাও মিছাইল দেখা গৈছে। উল্লেখ্য যে, বিগত ২ মাহ ধৰি চলি থকা যুদ্ধবিৰতিৰ মাজতে ইজৰাইলৰ ওপৰত ইৰাণৰ এইটোৱেই প্ৰথম আক্ৰমণ। ইৰাণে এই মিছাইল আক্ৰমণ ইজৰাইলে বেইৰুটত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ ঠিক পিছতেই কৰিছে।

ইৰাণী সংবাদ সংস্থা ‘ইৰ্না’ (IRNA)ৰ মতে, দেশখনৰ কেইবাটাও স্থানক লক্ষ্য কৰি লোৱা হৈছে। ইজৰাইলে ৰাজধানী তেহৰাণ, ইছফাহান, তাব্ৰীজ আৰু পশ্চিম ইৰাণৰ আন কিছুমান অংশত মিছাইল নিক্ষেপ কৰিছে। লেবাননৰ ৰাজধানী বেইৰুটৰ পৰাও বিস্ফোৰণৰ শব্দ শুনা গৈছে। লেবাননৰ ওপৰত আক্ৰমণ হ’লে ইৰাণে ইজৰাইলক আক্ৰমণ কৰিব বুলি আগেই সকীয়াই দিছিল। দেওবাৰে যেতিয়া ইজৰাইলৰ সেনাই লেবাননৰ ৰাজধানী বেইৰুটত থকা হিজবুল্লাহৰ ঘাটিসমূহত বিমান আক্ৰমণ চলায়, তেতিয়া তাৰ প্ৰতিশোধ হিচাপে ইৰাণে ইজৰাইলৰ ওপৰত ধাৰাবাহিকভাৱে মিছাইল নিক্ষেপ কৰে। অৱশ্যে এই আক্ৰমণত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

মন কৰিবলগীয়া যে উত্তৰ ইজৰাইলত ইৰাণৰ আক্ৰমণৰ প্ৰতিশোধ নকৰিবলৈ ট্ৰাম্পে  প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক পূৰ্বেই পৰামৰ্শ দিছিল।নেতান্যাহুৱে ট্ৰাম্পৰ পৰামৰ্শ মানি লোৱা বুলিও খবৰ ওলাইছিল।ইয়াৰ পিছতো ইজৰাইলে ইৰাণৰ কেইবাটাও স্থানক লক্ষ্য কৰি লৈছে।

ছচিয়েল মিডিয়া প্লেটফৰ্ম X-ত ইজৰাইলৰ সেনাই কয়, “IDF-এ ইৰাণৰ পৰা ইজৰাইলৰ দিশে নিক্ষেপ কৰা মিছাইলসমূহ চিনাক্ত কৰিছে। এই বিপদ প্ৰতিহত কৰিবলৈ প্ৰতিৰক্ষা ব্যৱস্থাসমূহে কাম কৰি আছে।” সেনাই কয় যে ইজৰাইলৰ বায়ুসেনাই ইৰাণৰ পৰা নিক্ষেপ কৰা সকলো মিছাইল আকাশতে ধ্বংস কৰিছে।

লগতে পঢ়ক: ইজৰাইলৰ প্ৰত্যুত্তৰ; হিজবুল্লাহৰ দুৰ্গ বেইৰুটত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস