ৰাষ্ট্ৰসংঘত পুনৰ মুখথেকেচা পাকিস্তানৰ: কাশ্মীৰক লৈ মিছা আখ্যান ৰচনা কৰাৰ বাবে ভাৰতৰ উচিত প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘত পুনৰ মুখথেকেচা পাকিস্তানৰ: কাশ্মীৰক লৈ মিছা আখ্যান ৰচনা কৰাৰ বাবে ভাৰতৰ উচিত প্ৰত্যুত্তৰ

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে কয় যে পাকিস্তানে পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ দৰে মৰ্যাদাপূৰ্ণ মঞ্চক নিজৰ ঠেক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (UNGA) পুনৰবাৰ জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাক লৈ ভাৰতে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে । ভাৰতে স্পষ্ট শব্দত কৈছে যে জম্মু-কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু পাকিস্তানে আন্তঃৰাষ্ট্ৰীয়

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে কয় যে পাকিস্তানে পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ দৰে মৰ্যাদাপূৰ্ণ মঞ্চক নিজৰ ঠেক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (UNGA) পুনৰবাৰ জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাক লৈ ভাৰতে পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে । ভাৰতে স্পষ্ট শব্দত কৈছে যে জম্মু-কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয় আৰু পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহক মিছা আৰু ভুৱা আখ্যান প্ৰচাৰ কৰাৰ বাবে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে ।

এই বিতৰ্ক তেতিয়া পোহৰলৈ আহে যেতিয়া পাকিস্তানৰ স্থায়ী প্ৰতিনিধি আছিম ইফতিখাৰ আহমেদে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত নিৰাপত্তা পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনৰ ওপৰত আলোচনা চলি থকাৰ সময়ত জম্মু-কাশ্মীৰৰ উল্লেখ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰ্বতনেনী হৰিশে পাকিস্তানৰ এই মন্তব্যক “অপ্ৰয়োজনীয়” আৰু “বিভ্ৰান্তিকাৰী” বুলি অভিহিত কৰে ।

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে কয় যে পাকিস্তানে পুনৰবাৰ ৰাষ্ট্ৰসংঘৰ দৰে মৰ্যাদাপূৰ্ণ মঞ্চক নিজৰ ঠেক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে । তেওঁ স্পষ্টকৈ কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য আৰু অপৰিহাৰ্য অংশ আছিল, আছে আৰু সদায় থাকিব। ইয়াৰ বিপৰীতে কৰা যিকোনো দাবী মিছা আৰু ই ইতিহাসৰ সৈতে অমিল ।

ভাৰতে পাকিস্তানক সোঁৱৰাই দিলে দায়িত্বৰ কথা-

ভাৰতে পাকিস্তানক এই কথাও সোঁৱৰাই দিয়ে যে বৰ্তমান সময়ত দেশসমূহে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু এয়া এক ডাঙৰ দায়িত্ব । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে নিৰাপত্তা পৰিষদৰ সদস্যপদৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা শক্তিশালী কৰা, কোনো পক্ষপাতিত্বমূলক আৰু মিছা আখ্যান বিয়পোৱা নহয় ।

ভাৰতীয় প্ৰতিনিধিগৰাকীয়ে অভিযোগ কৰে যে পাকিস্তানে নিৰাপত্তা পৰিষদত নিজৰ উপস্থিতিকো অপব্যৱহাৰ কৰিছে আৰু ইতিমধ্যে বহু বিভ্ৰান্তিকাৰী তথা ভুল তথ্য সম্বলিত নথি-পত্ৰ বিতৰণ কৰিছে । তেওঁ কয় যে এই ধৰণৰ কাৰ্যকলাপ কেৱল অদায়িত্বহীনই নহয়, বৰঞ্চ ই গোলকীয় মঞ্চসমূহৰ গাম্ভীৰ্যকো হানি কৰে ।

পাকিস্তানৰ বিবৃতিবাজী আৰু ফোঁপোলা দাবী-

ভাৰতে পোনপটীয়াভাৱে কয় যে পাকিস্তানৰ বাগাড়ম্বৰ আৰু ফোঁপোলা দাবীয়ে মাটিৰ বাস্তৱ পৰিস্থিতিক সলনি কৰিব নোৱাৰে । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে আন্তঃৰাষ্ট্ৰীয়িয়াছে সম্প্ৰদায়ে এই কথা ভালদৰে বুজি পায় যে জম্মু-কাশ্মীৰ ভাৰতৰ অংশ আৰু এই বিষয়ত পাকিস্তানৰ দাবীৰ কোনো ভিত্তি নাই ।

নিজৰ ভাষণত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবীও পুনৰবাৰ দোহাৰে । ভাৰতীয় প্ৰতিনিধিয়ে কয় যে নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ গাঁথনিয়ে ১৯৪৫ চনৰ ভূ-ৰাজনৈতিক পৰিস্থিতিক প্ৰতিফলিত কৰে, আনহাতে বৰ্তমান বিশ্বখন বহু পৰিমাণে সলনি হৈছে । পৰিষদখনক অধিক প্ৰতিনিধিত্বমূলক আৰু কাৰ্যক্ষম কৰি তুলিবলৈ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীতেই ইয়াৰ সম্প্ৰসাৰণ অপৰিহাৰ্য ।

ভাৰতে দীৰ্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবী উত্থাপন কৰি আহিছে । ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপানৰ G4 গোটৰ মতে, গোলকীয় শক্তিৰ সন্তুলন আৰু উন্নয়নশীল দেশসমূহৰ কণ্ঠস্বৰক উন্নত প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ পৰিষদৰ সদস্য সংখ্যা ২৫ বা ২৬ জনলৈ বৃদ্ধি কৰা উচিত ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ‘ভাতৃত্ববোধ আৰু বিশ্বাসৰ’: আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

শেহতীয়া প্ৰৱন্ধসমূহ