জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন তথা চাৰ্জ ফ্ৰেম কৰে ফাষ্ট-ট্ৰেক আদালতে
সোমবাৰে ফাষ্ট-ট্ৰেক আদালতে জুবিন গাৰ্গ ঘটনাৰ গোচৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন তথা চাৰ্জ ফ্ৰেম কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, মূল অভিযুক্ত হিচাপে চিহ্নিত চাৰিজন ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ অধীনত পোনপটীয়াকৈ হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছে ।
ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত বহা বিশেষ আদালতে গোচৰটোৰ তদন্তকাৰীকাৰী দলে দাখিল কৰা অভিযোগনামা (Chargesheet) পৰীক্ষা কৰি সকলো সাতজন অভিযুক্তৰ বিৰুদ্ধেই আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰি তুলিছে ।
কাক, কি ধাৰাত অভিযুক্ত কৰা হৈছে ?
আদালতৰ শুনানিৰ অন্তত বিশেষ চৰকাৰী অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত সমগ্ৰ আইনী প্ৰক্ৰিয়াটো দাঙি ধৰে । অভিযোগকাৰী পক্ষৰ তথ্য অনুসৰি অভিযুক্তসকলৰ বিৰুদ্ধে থকা ধাৰাসমূহ তলত উল্লেখ কৰা হ’ল :
-হত্যা আৰু ষড়যন্ত্ৰৰ গোচৰ (ধাৰা ১০৩, ৩ আৰু ৬১): শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বেণ্ডৰ সতীৰ্থ শেখৰ জ্যোতি গোস্বামী আৰু সহ-গায়িকা অমৃতপ্ৰভা মহন্ত ।
অতিৰিক্ত গুৰুতৰ অভিযোগসমূহ :
-শ্যামকানু মহন্ত : ধাৰা ৩০৮ (জবৰদস্তি ধন আদায়), ৩১৮ (প্ৰতাৰণা), আৰু ২৩৮ (প্ৰমাণ নষ্ট কৰা)।
-সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামী: ধাৰা ৩১৬ (অপৰাধমূলক বিশ্বাসভংগ)।
-অমৃতপ্ৰভা মহন্ত: ধাৰা ২৩৮ (প্ৰমাণ নষ্ট কৰা)।
-অন্যান্য সহযোগী অভিযুক্ত: জুবিনৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে ধাৰা ১০৫ আৰু তেওঁৰ দুই ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক ধাৰা ৬১ (ষড়যন্ত্ৰ) আৰু ৩১৬ (বিশ্বাসভংগ)-ৰ অধীনত অভিযুক্ত কৰা হৈছে ।
বিশেষ চৰকাৰী অধিবক্তাৰ অনুসৰি – “আজি আদালতে অভিযোগনামাত নাম থকা সকলো অভিযুক্তৰে বিৰুদ্ধে ধাৰা স্পষ্ট কৰি অভিযোগ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে । অহা ৮ জুনৰ পৰা এই সমগ্ৰ গোচৰটোৰ মূল বিচাৰ প্ৰক্ৰিয়া (Trial) আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব ।”
লগতে পঢ়ক : “তেওঁলোকৰ মুখৰ পৰা ‘মায়াবিনী’ নহয়, ‘দয়াবিনী’হে ওলাল”- জুবিনক লৈ বিৰোধীক তীব্ৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ









