২০২৮ চনৰ ভিতৰত ১০ লাখ কোটিৰ অৰ্থনীতি হ’ব অসম : বিধানসভাত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

২০২৮ চনৰ ভিতৰত ১০ লাখ কোটিৰ অৰ্থনীতি হ’ব অসম : বিধানসভাত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে

অসমক ১০ লাখ কোটিৰ এক শক্তিশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰ দৃঢ়তাৰে অগ্ৰসৰ হৈছে ২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিৰ এক শক্তিশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰ দৃঢ়তাৰে অগ্ৰসৰ হৈছে । মঙলবাৰে অসম বিধানসভাত চলি থকা অধিৱেশনক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ দাবী

অসমক ১০ লাখ কোটিৰ এক শক্তিশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰ দৃঢ়তাৰে অগ্ৰসৰ হৈছে

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিৰ এক শক্তিশালী অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ দিশত ৰাজ্য চৰকাৰ দৃঢ়তাৰে অগ্ৰসৰ হৈছে । মঙলবাৰে অসম বিধানসভাত চলি থকা অধিৱেশনক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ দাবী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

জি এছ ডি পি (GSDP)-ৰ অভূতপূৰ্ব বিকাশ-

সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত কেইটামান বছৰত ৰাজ্যৰ অৰ্থনৈতিক খণ্ডত এক অভূতপূৰ্ব জোৱাৰ আহিছে । ২০২১-২২ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন যি যাত্ৰা ৪ লাখ কোটি টকাৰ পৰা আৰম্ভ হৈছিল, সেয়া বৰ্তমান আনুমানিক ৮.৭২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । ৰাজ্যখনে বাৰ্ষিক ১৩ শতাংশৰ পৰা ১৫ শতাংশৰ এক আকৰ্ষণীয় বিকাশৰ হাৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে । এই তীব্ৰ গতিৰ জৰিয়তে অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমগ্ৰ ভাৰতবৰ্ষক ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ যি সপোন, তাক পূৰণ কৰাত এক বৃহৎ অৰিহণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

কেন্দ্ৰীয় সাহায্য আৰু আন্তঃগাঁথনিৰ উন্নয়ন-

আনহাতে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত অসমক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৰ হস্তান্তৰ আৰু কেন্দ্ৰীয় অনুদান হিচাপে ৫.৬১ লাখ কোটি টকা প্ৰদান কৰা হৈছে ।

কেৱল এয়াই নহয়, ৰাজ্যখনত দীৰ্ঘম্যাদী আৰু বহনক্ষম আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিত্ত আয়োগৰ পৰামৰ্শৰ বাহিৰলৈ গৈও কেন্দ্ৰই অসমক বিশেষ সাহায্য আগবঢ়াইছে । ‘ৰাজ্যসমূহলৈ মূলধনী ব্যয়ৰ বাবে বিশেষ সাহায্য আঁচনি’ (SASCI)-ৰ অধীনত অসমে ৫০ বছৰীয়া সূতবিহীন ঋণ লাভ কৰিছে । ২০২০ চনৰ পৰা ২০২৬ চনৰ ১২ জানুৱাৰীলৈকে এই আঁচনিৰ অধীনত অসমে ১৭,১০৪ কোটি টকা লাভ কৰিছে, যাৰ ফলত ৰাজ্যজুৰি বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি আৰু স্থায়ী সম্পত্তি নিৰ্মাণ কাৰ্য দ্ৰুতগতিত সম্ভৱ হৈ উঠিছে ।

বিধানসভাত উত্থাপিত হ’ল ইউনিফৰ্ম চিভিল ক’ড বিল-

অৰ্থনৈতিক খতিয়ানৰ সমান্তৰালভাৱে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটতো এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সোমবাৰে অসম বিধানসভাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বহু চৰ্চিত “The Uniform Civil Code, Assam, Bill, 2026” উত্থাপন কৰে । জানিব পৰা মতে, অহা ২৭ মে’ত এই ঐতিহাসিক বিধেয়কখনৰ ওপৰত সদনত বিতং আলোচনা কৰা হ’ব আৰু সেইদিনাই বিধেয়কখন গৃহীত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ২ লাখ চাকৰি আৰু বেদখলমুক্ত ভূমিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ: মুখ্যমন্ত্ৰী