অসম বিধানসভা অধিৱেশনৰ তৃতীয়টো দিনত সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক।
অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিন। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ কাম-কাজ। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ’ব অধিৱেশনৰৱ কাম-কাজ। ৰাজ্যপালৰ ভাষণৰ ওপৰত হ’ব বিতৰ্ক।সদনত সদনত সম নাগৰিক সংহিতা বিধেয়ক উত্থাপন হোৱাৰ লগতে আন কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।আজি সদনত উপত্থাপন হ’ব নাৰী শক্তি বন্দন অধিনিয়ম। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব মহিলাৰ বাবে ৩৩% সংৰক্ষণৰ প্ৰস্তাৱ।ইয়াৰ অধীনত লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত থাকিব।
আজি সদনত উত্থাপন হ’ব পাৰে বহু চৰ্চিত UCC বিধেয়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদনত উপস্থাপন কৰিব এই বিধেয়ক। উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনাইছিল।৪ টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ’ব UNIFORM CIVIL CODE। এই UCC অনুসৰি বিয়াৰ বয়সত থাকিব নূন্যতম সীমা। UCC বলৱ হ’লেই ৰাজ্যত আৰু কোনেও বহু বিবাহ কৰিব নোৱাৰিব।
সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে কন্যাৰো অধিকাৰ থাকিব। ৰাজ্যত সম্পূৰ্ণ ৰূপে বন্ধ হ’ব লিভ ইন ৰিলেশ্বনশ্বীপ। অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, এই UCCৰ পৰা জনজাতীয় লোকক বাহিৰত ৰখা হ’ব। বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCC ৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। কেৱল ইমানেই নহয় এই UCC ত সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব।
লগতে পঢ়ক: অসমৰ ৮২ গৰাকী নৱনিৰ্বাচিত বিধায়কক বিজেপিয়ে জনাব সম্বৰ্ধনা









