প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মাৰ্কো ৰুবিঅ’ৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতক আমেৰিকাৰ "অপৰিহাৰ্য অংশীদাৰ" আখ্যা

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মাৰ্কো ৰুবিঅ’ৰ গুৰুত্বপূৰ্ণ বৈঠক; ভাৰতক আমেৰিকাৰ “অপৰিহাৰ্য অংশীদাৰ” আখ্যা

ভ্ৰমণৰ প্ৰথমটো দিনতে বিদেশ সচিবগৰাকীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক মৈত্ৰী আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে শনিবাৰে ৪দিনীয়া বিশেষ ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’। ২৩ মে’ৰ পৰা ২৬

ভ্ৰমণৰ প্ৰথমটো দিনতে বিদেশ সচিবগৰাকীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক মৈত্ৰী আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে শনিবাৰে ৪দিনীয়া বিশেষ ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’। ২৩ মে’ৰ পৰা ২৬ মে’লৈ হ’বলগীয়া এই গুৰুত্বপূৰ্ণ ভ্ৰমণৰ প্ৰথমটো দিনতে বিদেশ সচিবগৰাকীয়ে নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় । বৈঠকত বাণিজ্য, নিৰাপত্তা ব্যৱস্থা আৰু গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদী আৰু সচিব ৰুবিঅ’ৰ মাজত অনুষ্ঠিত এই বৈঠকত ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ আৰু আমেৰিকাৰ সহকাৰী বিদেশ সচিব এলিছন হুকাৰকে ধৰি দুয়োখন দেশৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ।

এই বৈঠকক অত্যন্ত “ফলপ্ৰসূ” বুলি অভিহিত কৰি ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত উল্লেখ কৰে যে ভাৰত আৰু আমেৰিকাই এক মুক্ত, উদাৰ আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক (ভাৰত-প্ৰশান্ত মহাসাগৰীয়) অঞ্চলৰ লক্ষ্যৰে একেলগে অগ্ৰসৰ হৈছে । তেওঁ লগতে কয় যে ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা অপৰিহাৰ্য অংশীদাৰ ।

আনহাতে, ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালেও আমেৰিকাৰ বিদেশ সচিবগৰাকীক আদৰণি জনাই কয় যে ৰুবিঅ’ৰ এই ভ্ৰমণে ভাৰত-আমেৰিকাৰ সৰ্বাংগীণ গোলকীয় কৌশলগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব । উল্লেখ্য যে, এই ভ্ৰমণকালত সচিব মাৰ্কো ৰুবিঅ’ৰ সৈতে তেওঁৰ পত্নী জিনেট ডি ৰুবিঅ’ আৰু আমেৰিকাৰ প্ৰধান উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৰবাৰ্ট গেব্ৰিয়েলো ভাৰতত উপস্থিত হৈছে ।

১৪ বছৰৰ পাছত প্ৰথমবাৰলৈ কলকাতাত শীৰ্ষ আমেৰিকান কূটনীতিবিদ :

নতুন দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে শনিবাৰে পুৱা সচিব ৰুবিঅ’ই পশ্চিম বংগৰ কলকাতা মহানগৰীত অৱতৰণ কৰে । যোৱা ১৪ বছৰৰ ভিতৰত এয়া কোনো শীৰ্ষ পৰ্যায়ৰ আমেৰিকান কূটনীতিবিদৰ প্ৰথম কলকাতা ভ্ৰমণ । কলকাতাত তেওঁ ‘মিছনেৰীজ অৱ চেৰিটি’লৈ গৈ মাদাৰ টেৰেছাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মাদাৰ টেৰেছাৰ কৰুণা আৰু সেৱাৰ উত্তৰাধিকাৰক প্ৰশংসা কৰি তেওঁ কয় যে কেথলিক বিশ্বাসৰ এক জীৱন্ত উদাহৰণ স্বচক্ষুৰে দেখাটো তেওঁৰ বাবে এক ডাঙৰ সন্মানৰ বিষয় ।

আগন্তুক কাৰ্যসূচী আৰু কোৱাড (QUAD) বৈঠক :

বিদেশ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই চাৰিদিনীয়া ভ্ৰমণকালত আমেৰিকাৰ বিদেশ সচিবগৰাকীয়ে আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লীকে ধৰি দেশৰ একাধিক চহৰ ভ্ৰমণ কৰিব । এই ভ্ৰমণসূচীত মূলতঃ প্ৰতিৰক্ষা অংশীদাৰিত্ব, উন্নত প্ৰযুক্তিৰ আদান-প্ৰদান, বাণিজ্য সম্পৰ্কৰ সৱলীকৰণ আৰু শক্তি নিৰাপত্তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব ।

বিশেষকৈ অহা ২৬ মে’ত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ‘কোৱাড’ ভুক্ত দেশসমূহৰ বিদেশ মন্ত্ৰী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠকৰ ঠিক পূৰ্বমুহূৰ্তত আমেৰিকাৰ বিদেশ সচিবগৰাকীৰ এই ভাৰত ভ্ৰমণে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে । আঞ্চলিক নিৰাপত্তা আৰু গোলকীয় ৰাজনীতিৰ ক্ষেত্ৰত এই ভ্ৰমণক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : ৰোজগাৰ মেলা : ৫১,০০০ তকৈও অধিক যুৱক-যুৱতীলৈ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী মোদীৰ