নগাঁওবাসী সাৱধান! গুটখা খাই ৰাজহুৱা স্থানত পিকালেই ভৰিব লাগিব জৰিমনা

নগাঁওবাসী সাৱধান! গুটখা খাই ৰাজহুৱা স্থানত পিকালেই ভৰিব লাগিব জৰিমনা

গুটখা খাই য’তে ত’তে পিক পেলোৱা সকল সাৱধান। নগাওঁ পৌৰসভাই ৰাজহুৱা স্থানত পিক পেলোৱা সকলৰ বাবে জাৰি কৰিছে নিৰ্দেশনা। স্বচ্ছতা বজাই ৰখা আৰু জনস্বাস্থ্য উন্নত কৰাৰ লক্ষ্যৰে নগাঁও পৌৰসভাই এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি সমগ্ৰ চহৰখনৰ ৰাজহুৱা স্থানত পিক পেলোৱা আৰু “ৰেড

 

গুটখা খাই য’তে ত’তে পিক পেলোৱা সকল সাৱধান। নগাওঁ পৌৰসভাই ৰাজহুৱা স্থানত পিক পেলোৱা সকলৰ বাবে জাৰি কৰিছে নিৰ্দেশনা।

স্বচ্ছতা বজাই ৰখা আৰু জনস্বাস্থ্য উন্নত কৰাৰ লক্ষ্যৰে নগাঁও পৌৰসভাই এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি সমগ্ৰ চহৰখনৰ ৰাজহুৱা স্থানত পিক পেলোৱা আৰু “ৰেড স্পট” সৃষ্টি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

নগাঁও পৌৰসভাই যোৱা ২০ মে’ত জাৰি কৰা জাননী অনুসৰি  ব্যৱসায়ী, দোকানী, চালক আৰু সাধাৰণ ৰাইজক ৰাজহুৱা স্থানত পান-মছলা, গুটখা, জৰ্দা, তামোল-পান খাই পিক নেপেলাবলৈ নিৰ্দেশ দিছে।

পৌৰসভা কৰ্তৃপক্ষই কয় যে ৰাজহুৱা স্থানত থু পেলোৱা আৰু ৰঙা দাগ সৃষ্টি কৰাৰ প্ৰথাই চহৰখনৰ নান্দনিক আকৰ্ষণৰ ক্ষতি কৰে, অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু জনস্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়।এখন স্বচ্ছ আৰু সুন্দৰ চহৰ নিৰ্মাণৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৌৰসভাই নাগৰিকসকলক স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত সহযোগিতা আৰু ৰাজহুৱা স্থানত পিক পেলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

তেওঁলোকে সকীয়াই দিছে যে আদেশ উলংঘা কৰি পিক পেলোৱা ব্যক্তিসকলক বৰ্তমানৰ পৌৰসভাৰ নিয়মৰ অধীনত জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থাৰো সন্মুখীন হ’ব লাগিব।

লগতে পঢ়ক: ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

শেহতীয়া প্ৰৱন্ধসমূহ