বিৰাট কোহলীয়ে নিজকে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এদিনীয়া বেটছমেন হিচাপে প্ৰতিষ্ঠা কৰিছে। এইবাৰ ২০২৭ ৰ বিশ্বকাপ সন্দৰ্ভত বিৰাট কোহলীৰ ডাঙৰ মন্তব্য কৰিছে।
ভাৰতৰ প্ৰখ্যাত বেটছমেন বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ ভৱিষ্যত আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ বিষয়ে স্পষ্টভাৱে মন্তব্য কৰিছে।তেওঁ কয় যে যদিহে এই খেলবিধৰ প্ৰতি সমৰ্পিত হোৱাৰ পিছতো তেওঁ নিজৰ সামৰ্থ্য আৰু মূল্যৰ প্ৰমাণ দিবলৈ বাধ্য হয়, তেন্তে “সেই ঠাইখন তেওঁৰ বাবে নহয়।”
ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে যিকোনো ধাৰাবাহিকৰ বাবে তেওঁ সদায় সাজু থাকে, পৰিস্থিতি যিয়েই নহওক কিয়। বিৰাট কোহলীয়ে এটা পডকাষ্টত এই কথা কৈছে। বৰ্তমান অৰেঞ্জ কেপৰ তালিকাত তৃতীয় স্থানত থকা বিৰাটে এটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ১২ ইনিংছত ৪৮৪ ৰান সংগ্ৰহ কৰিছে।বৰ্তমান তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেৱল এদিনীয়া খেলুৱৈ হিচাপে খেলি আছে।
২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত তেওঁ টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু যোৱা বছৰ ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে—দীৰ্ঘদিনীয়া ফৰ্মৰ অৱনতিৰ পিছত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল।এই পৰিস্থিতিত ৩৭ বছৰীয়া বিৰাটে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলাৰ বাবে বিশেষ সময় নাপায়, যাৰ বাবে ২০২৭ চনৰ বিশ্বকাপ দলত তেওঁৰ স্থান সন্দৰ্ভত অহৰহ জল্পনা-কল্পনাৰ সৃষ্টি হয়।
বিশ্বকাপৰ পৰিকল্পনা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ স্থান সন্দৰ্ভত তেওঁৰ বৰ্তমানৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি বিৰাট কোহলীয়ে কয়,যদি তেওঁ নিজৰ মূল্যবোধ অনুভৱ কৰে আৰু বিশ্বাস কৰে যে তেওঁ কোনো দল বা পৰিৱেশত অৰিহণা যোগাব পাৰে, তেন্তে তেওঁ খেলিবলৈ সাজু অন্যথা “বিৰাট সেই ঠাইত নাথাকিব।”
লগতে পঢ়ক: “যিকোনো মূল্যতে দুয়োখন মেচতে জয়ী হ’ব লাগিব”; একেৰাহে পঞ্চমটো পৰাজয়ৰ পিছত হতাশাত শ্ৰেয়াছ আয়াৰ









