NEET-UG ২০২৬ বাতিল : অহা ১০ দিনৰ ভিতৰত ঘোষণা হ’ব নতুন সময়সূচী

NEET-UG ২০২৬ বাতিল : অহা ১০ দিনৰ ভিতৰত ঘোষণা হ’ব নতুন সময়সূচী

অভিষেক সিঙে ঘোষণা কৰে যে বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন সময়সূচী ঘোষণা কৰা হ’ব NEET-UG 2026 পৰীক্ষাক লৈ সৃষ্টি হোৱা ব্যাপক বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অভিষেক সিঙে ঘোষণা কৰে যে বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন সময়সূচী ঘোষণা কৰা হ’ব

NEET-UG 2026 পৰীক্ষাক লৈ সৃষ্টি হোৱা ব্যাপক বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । মঙলবাৰে নেচনেল টেষ্টিং এজেন্সীৰ (NTA) সঞ্চালক প্ৰধান অভিষেক সিঙে ঘোষণা কৰে যে বাতিল কৰা পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰাৰ বাবে অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰত নতুন সময়সূচী ঘোষণা কৰা হ’ব ।

পৰীক্ষাৰ্থীক আশ্বাস সঞ্চালক প্ৰধানৰ-

ৰাষ্ট্ৰীয় ৰাজধানীত সংবাদ মাধ্যমৰ আগত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ NTA-ই যিকোনো অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে :

পুনৰ পৰীক্ষা: এটা বিশেষ বিশেষজ্ঞ দলে নতুন পৰীক্ষাৰ তাৰিখ চূড়ান্ত কৰিবলৈ কাম কৰি আছে ।

কঠোৰ ব্যৱস্থা: যিসকল ব্যক্তি এই প্ৰশ্নকাকত ফাদিল কাৰ্যত জড়িত, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ।

দায়িত্ব স্বীকাৰ: যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা পৰীক্ষাত যি ভুল হ’ল, তাৰ দায়িত্ব স্বীকাৰ কৰি নিকা ভাৱে পৰীক্ষা পাতিবলৈ এজেন্সী দায়বদ্ধ বুলি তেওঁ জনায় ।

তদন্তৰ আওতাত NTA-ৰ বিষয়াও-

প্ৰশ্নকাকত ফাদিলৰ আঁৰত কোনো বিভাগীয় বিষয়া জড়িত আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সিঙে কয় যে ইতিমধ্যে গোটেই বিষয়টো কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-ক অৰ্পণ কৰা হৈছে । “বিষয়াগৰাকী ভিতৰৰ হওক বা বাহিৰৰ, দোষী সাব্যস্ত হ’লে কাকো ৰেহাই দিয়া নহ’ব,” বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

শিক্ষা মন্ত্ৰীৰ মৌনতা আৰু চৰকাৰী পদক্ষেপ-

মন কৰিবলগীয়া যে, যি সময়ত দেশজুৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে, সেই সময়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে । উল্লেখ্য যে, বিগত ৩ মে’ত অনুষ্ঠিত হোৱা এই সৰ্বভাৰতীয় পৰীক্ষাটোত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে পৰীক্ষাটো আনুষ্ঠানিকভাৱে বাতিল কৰাৰ সিদ্ধান্ত লয় ।

বৰ্তমান হাজাৰ হাজাৰ পৰীক্ষাৰ্থীয়ে NTA-ৰ আগন্তুক জাননীলৈ অপেক্ষা কৰিছে । চৰকাৰে আশ্বাস দিছে যে এইবাৰ সম্পূৰ্ণ স্বচ্ছতাৰে আৰু কোনো বিসংগতি নোহোৱাকৈ পৰীক্ষা সম্পন্ন কৰা হ’ব ।

লগতে পঢ়ক : NEET-UG ২০২৬ বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পিছত চিবিআই তদন্তৰ নিৰ্দেশ