NEET-UG ২০২৬ বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পিছত চিবিআই তদন্তৰ নিৰ্দেশ

NEET-UG ২০২৬ বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পিছত চিবিআই তদন্তৰ নিৰ্দেশ

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG ২০২৬ পৰীক্ষা মঙলবাৰে বাতিল কৰা হৈছে । চৰকাৰে

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG ২০২৬ পৰীক্ষা মঙলবাৰে বাতিল কৰা হৈছে । চৰকাৰে ঘোষণা কৰিছে যে দেশৰ এই বৃহত্তম স্নাতক চিকিৎসা প্ৰৱেশ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰা হ’ব, যাৰ বাবে নতুন তাৰিখ পৃথককৈ জনোৱা হ’ব । ইয়াৰ উপৰিও, সমগ্ৰ বিষয়টোৰ গভীৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI) ক দায়িত্ব অৰ্পণ কৰা হৈছে ।

নেচনেল টেষ্টিং এজেন্সীয়ে (NTA) এক বিবৃতি যোগে জনাইছে যে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা ইনপুট আৰু অনুসন্ধানৰ ফলাফলসমূহ পৰীক্ষা কৰাৰ পিছত পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এই কঠোৰ পদক্ষেপ লোৱা হৈছে । সংস্থাটোৰ মতে, বৰ্তমানৰ পৰীক্ষা প্ৰক্ৰিয়াটোত যিহেতু আসোঁৱাহ ধৰা পৰিছে, সেয়ে ইয়াক বাহাল ৰখাৰ কোনো যুক্তি নাই । ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে এন.টি.এ.-য়ে ৩ মে’ৰ পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লয় ।

পৰীক্ষাৰ বিশ্বাসযোগ্যতা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এন.টি.এ.-য়ে জনাইছে যে চিবিআই তদন্তত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব । শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ হোৱা অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰি সংস্থাটোৱে কয় যে অন্যথা পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত মানুহৰ বিশ্বাস একেবাৰেই হেৰাই গ’লহেঁতেন ।

পৰীক্ষাৰ্থীসকলৰ বাবে সকাহৰ খবৰ এই যে, তেওঁলোকে পুনৰবাৰ নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই । পূৰ্বৰ পঞ্জীয়ন তথ্য আৰু কেন্দ্ৰসমূহেই পুনৰ পৰীক্ষাৰ বাবে বৈধ হ’ব । লগতে, কোনো অতিৰিক্ত মাচুলো লোৱা নহ’ব । এন.টি.এ.-য়ে জনোৱা মতে, শিক্ষাৰ্থীসকলে ইতিমধ্যে জমা দিয়া মাচুল ঘূৰাই দিয়া হ’ব আৰু এন.টি.এ.-ৰ নিজা সম্পদ ব্যৱহাৰ কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

উল্লেখ্য যে, ৩ মে’ত দেশৰ ৫,৪০০ তকৈও অধিক কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পেন-এণ্ড-পেপাৰ মোডৰ পৰীক্ষাত প্ৰায় ২২.৭৯ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । পৰীক্ষাৰ নতুন দিন আৰু সংশোধিত এডমিট কাৰ্ডৰ বিষয়ে চৰকাৰীভাৱে অতি সোনকালে ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি