অব্যাহত থাকিব টেলিগ্ৰামৰ ওপৰত নিষেধাজ্ঞাঃ উচ্চ ন্যায়ালয়ত খাৰিজ আবেদন

NEET-UG পুনৰ পৰীক্ষাৰ পূৰ্বে চৰকাৰে টেলিগ্ৰামৰ ওপৰত আৰোপ কৰা সাময়িক নিষেধাজ্ঞা ২২ জুনলৈ বাহাল থাকিব । চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত কৰা এক আহেদন খাৰিজ কৰে আদালতে ।

NEET-UGক লৈ চলি থকা বিতৰ্কৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ে টেলিগ্ৰাম এপত চৰকাৰে সাময়িকভাৱে আৰোপ কৰা নিষেধাজ্ঞা বতিলৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰিছে । পুনৰ অনুষ্ঠিত হ’ব লগা NEET-UG পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপ প্লেটফৰ্মত ২২ জুনলৈ সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তক দিল্লী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । শুকুৰবাৰে এই আবেদন ন্যায়ালয়ে খাৰিজ কৰে । ন্যায়ধীশ তেজস কাৰিয়াৰৰ এজনীয়া বিচাৰপীঠে এই ৰায়দান কৰিছে ।

আবেদনখন খাৰিজ কৰি আদালতে চৰকাৰৰ সিদ্ধান্তক যুক্তিসংগত বুলি কয় । উল্লেখ্য যে, বিগত ৩ মে’ত দেশজুৰি অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ আহিছিল । ইয়াৰ পিছতে সমগ্ৰ দেশতে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু এই পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ লগতে শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তীব্ৰ ক্ষোভৰ সন্মুখীন হ’ব লগা হয় । ইয়াৰ পিছতে চৰকাৰে তদন্তৰ ঘোষমা কৰি ৩ মে’ৰ পৰীক্ষা বাতিল কৰে ।

এতিয়া ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব NEET-UG পৰীক্ষা । গতিকে পূৰ্বৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । সেয়েহে চৰকাৰে বিপদৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি ২২ জুনলৈকে টেলিগ্ৰামৰ ওপৰত সাময়িক নিষেধাজ্ঞা আৰোপ কৰিছে ।

বৃহস্পতিবাৰে শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এপটোক লৈ সেই সকলোবোৰ কাৰিকৰী দিশ আদালতৰ সন্মুখত দাঙি ধৰে, যাৰ বাবে পৰীক্ষাৰ পূৰ্বে দুষ্ট চক্ৰই এপটোৰ অপব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে আদালতে চৰকাৰৰ সিদ্ধান্তৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত টেলিগ্ৰামে তেওঁলোকক লক্ষ্য কৰি লোৱা হৈছে বুলি কয় আৰু বাকী এপসমূহৰ ওপৰত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই, সেইবোৰ এতিয়াও ব্যৱহাৰ কৰা হৈছে বুলি প্ৰশ্ন উত্থছাপন কৰে । টেলিগ্ৰামে চৰকাৰৰ এই সিদ্ধান্তক সংবিধানৰ অনুচ্ছেদ ১৪ৰ উলংঘন বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : ভাৰতত নিষিদ্ধ হ’ল টেলিগ্ৰাম! কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

UGC-NET ২০২৬-ৰ আবেদনৰ সময়সীমা বৃদ্ধি; NEET (UG)পৰীক্ষাৰ মাছুল ঘূৰাই পোৱাৰ বাবে মুকলি হ’ল বিশেষ লিংক

এজেন্সীটোৱে UGC-NET জুন ২০২৬ পৰীক্ষাৰ বাবে অনলাইন আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে

নেশ্যনেল টেষ্টিং এজেন্সীয়ে (NTA) সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এজেন্সীটোৱে UGC-NET জুন ২০২৬ পৰীক্ষাৰ বাবে অনলাইন আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ লগতে পৰীক্ষাৰ মাছুল পৰিশোধ আৰু আবেদন পত্ৰৰ ভুল সংশোধনৰ বাবেও সংশোধিত সময়সীমা প্ৰকাশ কৰা হৈছে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) এই ‘ভাল খবৰ’ শ্বেয়াৰ কৰি NTA-ই স্পষ্ট কৰি দিছে যে আবেদন কৰাৰ এইয়াই শেষ সুযোগ আৰু ইয়াৰ পিছত কোনো ধৰণৰ সময় বৃদ্ধি কৰা নহ’ব ।

UGC-NET জুন ২০২৬-ৰ গুৰুত্বপূৰ্ণ সময়সীমা :

  • আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ: ২৪ মে’, ২০২৬ (নিশা ১১:৫০ বজালৈ)
  • মাছুল পৰিশোধৰ অন্তিম তাৰিখ: ২৪ মে’, ২০২৬ (নিশা ১১:৫০ বজালৈ)
  • আবেদন পত্ৰৰ সংশোধন উইণ্ড’ (Correction Window): ২৬ মে’ৰ পৰা ২৮ মে’, ২০২৬ (নিশা ১১:৫০ বজালৈ)

উল্লেখ্য যে, ২০১৮ চনৰ ডিচেম্বৰ মাহৰ পৰা NTA-ই কম্পিউটাৰ ভিত্তিক টেষ্ট (CBT) মাধ্যমত এই UGC NET পৰীক্ষা অনুষ্ঠিত কৰি আহিছে । ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপক আৰু জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (JRF) লাভৰ যোগ্যতা নিৰূপণৰ ক্ষেত্ৰত এই পৰীক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ । পৰীক্ষাৰ প্ৰথম আৰু দ্বিতীয় দুয়োখন পত্ৰৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই এই যোগ্যতা নিৰ্ণয় কৰা হয় ।

NEET (UG) প্ৰাৰ্থীৰ বাবে মাছুল ঘূৰাই পোৱাৰ বিশেষ সুবিধা :

আন এক গুৰুত্বপূৰ্ণ জাননীত NTA-ই জনাইছে যে NEET (UG)-২০২৬ ৰ পঞ্জীয়ন প’ৰ্টেলত এটা নতুন লিংক সক্ৰিয় কৰা হৈছে । এই লিংকৰ জৰিয়তে পৰীক্ষাৰ মাছুল ঘূৰাই পোৱাৰ (Fee Refund) বাবে যোগ্য প্ৰাৰ্থীসকলে নিজৰ পছন্দৰ বেংক একাউণ্টৰ সবিশেষ তথ্য জমা দিব পাৰিব ।

NTA-ৰ আহ্বান :

যোগ্য প্ৰাৰ্থীসকলে নিজৰ লগ-ইন ক্ৰিডেনচিয়েল ব্যৱহাৰ কৰি প’ৰ্টেলত প্ৰৱেশ কৰিব লাগিব আৰু বেংক একাউণ্টৰ সবিশেষ তথ্য সঠিকভাৱে আপলোড কৰিব লাগিব ।

১২ মে’, ২০২৬ ত প্ৰকাশিত পাব্লিক ন’টিচৰ ধাৰাবাহিকতা ৰক্ষা কৰি জাৰি কৰা এই নিৰ্দেশনা অনুসৰি, বেংক একাউণ্টৰ সবিশেষ তথ্য জমা দিয়াৰ অন্তিম সময়সীমা হৈছে ২৭ মে’, ২০২৬ (নিশা ১১:৫০ বজালৈ) ।

লগতে পঢ়ক : NEET পৰীক্ষা সন্দৰ্ভত ডাঙৰ ঘোষণা; সলনি হ’ব পৰীক্ষাৰ ফৰ্মেট

NEET-UG ২০২৬ বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পিছত চিবিআই তদন্তৰ নিৰ্দেশ

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ গুৰুতৰ অভিযোগৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা NEET-UG ২০২৬ পৰীক্ষা মঙলবাৰে বাতিল কৰা হৈছে । চৰকাৰে ঘোষণা কৰিছে যে দেশৰ এই বৃহত্তম স্নাতক চিকিৎসা প্ৰৱেশ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰা হ’ব, যাৰ বাবে নতুন তাৰিখ পৃথককৈ জনোৱা হ’ব । ইয়াৰ উপৰিও, সমগ্ৰ বিষয়টোৰ গভীৰ তদন্তৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI) ক দায়িত্ব অৰ্পণ কৰা হৈছে ।

নেচনেল টেষ্টিং এজেন্সীয়ে (NTA) এক বিবৃতি যোগে জনাইছে যে আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ পৰা লাভ কৰা ইনপুট আৰু অনুসন্ধানৰ ফলাফলসমূহ পৰীক্ষা কৰাৰ পিছত পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এই কঠোৰ পদক্ষেপ লোৱা হৈছে । সংস্থাটোৰ মতে, বৰ্তমানৰ পৰীক্ষা প্ৰক্ৰিয়াটোত যিহেতু আসোঁৱাহ ধৰা পৰিছে, সেয়ে ইয়াক বাহাল ৰখাৰ কোনো যুক্তি নাই । ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে এন.টি.এ.-য়ে ৩ মে’ৰ পৰীক্ষাটো বাতিল কৰাৰ সিদ্ধান্ত লয় ।

পৰীক্ষাৰ বিশ্বাসযোগ্যতা আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এন.টি.এ.-য়ে জনাইছে যে চিবিআই তদন্তত তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব । শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ হোৱা অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰি সংস্থাটোৱে কয় যে অন্যথা পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত মানুহৰ বিশ্বাস একেবাৰেই হেৰাই গ’লহেঁতেন ।

পৰীক্ষাৰ্থীসকলৰ বাবে সকাহৰ খবৰ এই যে, তেওঁলোকে পুনৰবাৰ নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই । পূৰ্বৰ পঞ্জীয়ন তথ্য আৰু কেন্দ্ৰসমূহেই পুনৰ পৰীক্ষাৰ বাবে বৈধ হ’ব । লগতে, কোনো অতিৰিক্ত মাচুলো লোৱা নহ’ব । এন.টি.এ.-য়ে জনোৱা মতে, শিক্ষাৰ্থীসকলে ইতিমধ্যে জমা দিয়া মাচুল ঘূৰাই দিয়া হ’ব আৰু এন.টি.এ.-ৰ নিজা সম্পদ ব্যৱহাৰ কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

উল্লেখ্য যে, ৩ মে’ত দেশৰ ৫,৪০০ তকৈও অধিক কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পেন-এণ্ড-পেপাৰ মোডৰ পৰীক্ষাত প্ৰায় ২২.৭৯ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । পৰীক্ষাৰ নতুন দিন আৰু সংশোধিত এডমিট কাৰ্ডৰ বিষয়ে চৰকাৰীভাৱে অতি সোনকালে ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : সলনি হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ নিয়ম, কম্পাৰ্টমেণ্টেল পৰীক্ষাৰো বিলুপ্তি