শুকুৰবাৰে বৈভৱ সূৰ্যবংশীক আউট কৰি দিল্লী কেপিটেলছৰ খেলুৱৈ কাইল জেমিছনে এক বিস্ফোৰক মন্তব্য কৰিছে।
বৈভৱ সূৰ্যবংশীক আউট কৰি কাইল জেমিছনে এনেদৰে উদযাপন কৰিলে,যিটো বিচিচিআইয়ে আইপিএলৰ আচৰণ বিধিৰ ২.৫ অনুচ্ছেদ উলংঘা বুলি বিবেচনা কৰিছে। এই উইকেটটো জেমিছনে অতি আক্ৰমণাত্মকভাৱে উদযাপন কৰে,যিয়ে ইংগিত দিলে যে এই উইকেটটো কিমান গুৰুত্বপূৰ্ণ আছিল।১৫ বছৰীয়া বৈভৱে শীৰ্ষ স্তৰৰ বলাৰসকলৰ নিদ্ৰা হৰিছে।
বৈভৱ সূৰ্যবংশীৰ ভূমিকা হৈছে ৰাজস্থান ৰয়েলছক এক ক্ষীপ্ৰ আৰম্ভণি প্ৰদান কৰা। অৱশ্যে শুকুৰবাৰে অনুষ্ঠিত মেচখনত তেওঁ মাত্ৰ ৪ ৰান সংগ্ৰহ কৰি আউট হয়। মেচৰ পিছত কাইল জেমিছনে প্ৰকাশ কৰে যে তেওঁ জীৱনত কেতিয়াও ১৫ বছৰীয়া এটি শিশুক ইমান ভয় কৰা নাছিল,যিমান বৈভৱলৈ কৰে। খেলখনৰ পিছতে আইপিএলে কাইল জেমিছনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে।য’ত তেওঁ কৈছিল, মই ভাবো ১৫ বছৰীয়া শিশু এটাক মই কেতিয়াও ইমান ভয় কৰা নাই।কিন্তু মেচৰ আগতে কৰা পৰিকল্পনাই ফল দিলে।
লগতে পঢ়ক: তিনিবাৰৰ পৰাজয়ৰ পিছত দিল্লী কেপিটেলছৰ জয়; সুখী নহয় অক্ষয় পেটেল









