প্ৰধানমন্ত্ৰী মোদীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ সংস্কৃতি পৰিৱৰ্তন কৰিছে
দেওবাৰে (১৯ এপ্ৰিল) পশ্চিম বংগৰ পুৰুলিয়াত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় তেওঁ জনজাতীয় বিৰোধী। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচিয়ে অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কৈছে যে- অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ ভাষা-সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে।টিএমচিয়ে ‘মহাজংগল ৰাজ’ প্ৰতিষ্ঠা কৰাৰো অভিযোগ উত্থাপন কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে তৃণমূল কংগ্ৰেছে আদিবাসীক আওকাণ কৰে, তেওঁলোকৰ মাটি দখল কৰি দুৰ্নীতি, ভয় আৰু পিছলৈ ঠেলি দিছে।ইমানেই নহয় অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ ভাষা-সংস্কৃতিৰো পৰিৱৰ্তন দেখা গৈছে।









