অসম বিধানসভা নিৰ্বাচন: পুৱা ১১ বজালৈকে ৰাজ্যত ৩৮.৯ শতাংশ ভোটদান সম্পন্ন

বিধানসভা নিৰ্বাচন: পুৱা ১১ বজালৈকে ৰাজ্যত ৩৮.৯ শতাংশ ভোটদান সম্পন্ন

অসমৰ ১২৬ জনীয়া বিধানসভাৰ বাবে মুঠ ২.৫ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব অসমৰ লগতে আজি কেৰাল আৰু পুডুচেৰীটো অনুষ্ঠিত হৈছে বিধাৱসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । অসমত প্ৰতিকৃল বতৰকো নেওচি ভোটদানৰ বাবে ভোটাৰৰ দীঘলীয়া শাৰী

অসমৰ ১২৬ জনীয়া বিধানসভাৰ বাবে মুঠ ২.৫ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব

অসমৰ লগতে আজি কেৰাল আৰু পুডুচেৰীটো অনুষ্ঠিত হৈছে বিধাৱসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া । অসমত প্ৰতিকৃল বতৰকো নেওচি ভোটদানৰ বাবে ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ১১ বজালৈকে অসমত ৩৮.৯২ শতাংশ আৰু কেৰালাত ৩৩.২৮ শতাংশ ভোটদান সম্পন্ন হৈছে । আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত ভোটদানৰ হাৰ আছিল ৩৭.০৬ শতাংশ ।

ইয়াৰ পূৰ্বে পুৱা ৯ বজাত অসমত ১৭.৮৭ শতাংশ, কেৰালাত ১৬.২৩ শতাংশ আৰু পুডুচেৰীত ১৭.৪১ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছিল । বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা দুখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই গুৰুত্বপূৰ্ণ নিৰ্বাচনী যুঁজৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ।

উল্লেখ্য য়ে, অসমৰ ১২৬ খন আসন, কেৰালাৰ ১৪০ খন আৰু পুডুচেৰীৰ ৩০ খন আসনৰ বাবে বৰ্তমান ভোটগ্ৰহণ চলি আছে । অহা ৪ মে’ত ভোটগণনা সম্পন্ন হ’ব ।

অসমৰ ১২৬ জনীয়া বিধানসভাৰ বাবে মুঠ ২.৫ কোটিৰো অধিক ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । এইবাৰ মুঠ ৭২২ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । মুঠ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা, ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আৰু ৬৩,৪২৩ গৰাকী সেৱা ভোটাৰ আছে ।

ভোটাৰসকলৰ ভিতৰত ১৮-১৯ বছৰ বয়সৰ ৬,৪২,৩১৪ গৰাকী, ৮০ বছৰৰ উৰ্ধৰ ২,৫০,০০৬ গৰাকী আৰু ২,০৫,০৮৫ গৰাকী দিব্যাংগ ভোটাৰ আছে । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰিবলৈ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে । ৩১,৪৮৬ খন মূল ভোটকেন্দ্ৰ আৰু ৪ খন সহায়ক ভোটকেন্দ্ৰকে ধৰি মুঠ ৩১,৪৯০ খন ভোটকেন্দ্ৰতে ৱেবকাষ্টিং সক্ৰিয় কৰা হৈছে । নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ১,৫১,১৩২ গৰাকী নিৰ্বাচনী কৰ্মীক নিয়োজিত কৰা হৈছে ।

লগতে পঢ়ক : ৭ বজাৰ লগে লগে আৰম্ভ হ’ল ভোটদান প্ৰক্ৰিয়া, ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী