‘ৰাজকুমাৰৰ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব’; অসমৰ পৰা ৰাহুল গান্ধীক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

‘ৰাজকুমাৰৰ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব’; অসমৰ পৰা ৰাহুল গান্ধীক লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ

নিৰ্বাচনৰ ৰণডংকা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখত এখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীক লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি গোগামুখৰ লগতে বিহালীতো নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ গোগামুখত প্ৰধানমন্ত্ৰীয়ে চলালে

নিৰ্বাচনৰ ৰণডংকা বজাবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখত এখন জনসভা সম্বোধন কৰি ৰাহুল গান্ধীক লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি গোগামুখৰ লগতে বিহালীতো নিৰ্বাচনী ৰণডংকা বজাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।ধেমাজি আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ হৈ গোগামুখত প্ৰধানমন্ত্ৰীয়ে চলালে প্ৰচাৰ।গোগামুখত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

অসমীয়াতে গোগামুখবাসীক সম্বোধন কৰি তেওঁ কয় যে-অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হ’ব।প্ৰথমে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে বিগত ১০ বছৰত সেৱা আৰু সুশাসনৰ এক নতুন যুগৰ সাক্ষী হৈ পৰিছে।অসমৰ এই নিৰ্বাচনসমূহ উন্নত অসমৰ পৰা উন্নত ভাৰত গঢ়াৰ নিৰ্বাচন।এইবাৰ বিজেপি-এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিত।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অসমত এইবাৰ কংগ্ৰেছৰ পৰাজয় নিশ্চিত। কংগ্ৰেছৰ স্বঘোষিত ‘ৰাজকুমাৰ’ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব।

লগতে পঢ়ক: তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছৰ বিৰুদ্ধে অসমক অৱহেলা কৰাৰ অভিযোগ