বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰি টেনিছ কিংবদন্তি লিয়েণ্ডাৰ পেজৰ

বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰি টেনিছ কিংবদন্তি লিয়েণ্ডাৰ পেজৰ

পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে ২০২৬ৰ পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে । মঙলবাৰে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজু আৰু সুকান্ত মজুমদাৰৰ উপস্থিতিত তেওঁ দলটোৰ দিল্লী মুখ্য কার্যালয়ত যোগদান কৰে ৷ ২০২১ চনৰ

পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

২০২৬ৰ পশ্চিম বংগ নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে প্ৰাক্তন টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে । মঙলবাৰে কেন্দ্রীয় মন্ত্রী কিৰেন ৰিজিজু আৰু সুকান্ত মজুমদাৰৰ উপস্থিতিত তেওঁ দলটোৰ দিল্লী মুখ্য কার্যালয়ত যোগদান কৰে ৷ ২০২১ চনৰ পৰা পেজ তৃণমূল কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল ।

পশ্চিম বংগত ২৯৪ জনীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে লিয়াণ্ডাৰ পেজ বিজেপিত যোগদান কৰাটো তৃণমূল কংগ্ৰেছৰ বাবে এক বৃহৎ আঘাত হিচাপে চিহ্নিত হৈছে । পশ্চিম বংগ ভ্ৰমণৰ সময়ত বিজেপিৰ সভাপতি নীতিন নবীনে লিয়াণ্ডাৰ পেজক সাক্ষাৎ কৰে । তেতিয়াৰ পৰাই শীঘ্ৰেই পেজে বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ফুলৰ থোপা আৰু বিজেপিৰ সদস্যপদৰ স্লিপেৰে পেইজক দললৈ আদৰণি জনায় ।

ৰিজিজুৱে কয়, “লিয়াণ্ডাৰ পেজে বিজেপি পৰিয়ালত যোগদান কৰাটো ঐতিহাসিক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১২ বছৰত ক্ৰীড়া আৰু খেলুৱৈসকলক ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছে ।” লিয়াণ্ডাৰে ইয়াক তেওঁৰ জীৱনৰ আটাইতকৈ বিশেষ দিন বুলি অভিহিত কৰে । তেওঁ কয়, “এইটো মোৰ জীৱনৰ এক অতি ডাঙৰ দিন । মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু নীতিন নবীন জীক ধন্যবাদ জনাইছো । এইটো মোৰ বাবে ক্ৰীড়া আৰু যুৱক-যুৱতীসকলৰ সেৱাৰ এক সুন্দৰ সুযোগ ।”

লগতে পঢ়ক : বংগ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চতুৰ্থখন প্ৰাৰ্থী তালিকা