মুঠ ২.৩৭ লাখ ভোটাৰক ঘৰৰ পৰা ভোটদানৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে
আগন্তুক কেৰালা, অসম আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনত মুঠ ২.৩৭ লাখ ভোটাৰক ঘৰৰ পৰা ভোটদানৰ অনুমতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে । আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ৬০(গ)ৰ অধীনত ৮৫ বছৰৰ ওপৰৰ ভোটাৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে ঘৰতে ভোটদানৰ বৈকল্পিক সুবিধা প্ৰদান কৰিছে ।
ভোটাৰসকলক ঘৰুৱা ভোটদানৰ তাৰিখৰ বিষয়ে আগতীয়াকৈ জনোৱা হ’ব আৰু ভোটগ্ৰহণকাৰী দলসমূহে তেওঁলোকৰ ঘৰলৈ গৈ তেওঁলোকে ভোটদান কৰাটো নিশ্চিত কৰিব । ইতিমধ্যে কেৰালা, অসম, পুডুচেৰীৰ বিভিন্ন সমষ্টিত দুৱাৰে দুৱাৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৫ এপ্ৰিলৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব । প্ৰথমবাৰ ভোটাৰ উপলব্ধ নহ’লে দ্বিতীয়বাৰৰ বাবেও দলটো তেওঁৰ ওচৰলৈ যাব ।
সমগ্ৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হ’ব আৰু স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু ভোটদানৰ গোপনীয়তা নিশ্চিত কৰিবলৈ আৰক্ষীৰ নিৰাপত্তা উপলব্ধ হ’ব । স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ঘৰৰ পৰাই ভোটদান কৰা ভোটাৰৰ তালিকা প্ৰদান কৰা হ’ব । প্ৰাৰ্থীয়ে ভোটগ্ৰহণকাৰী দলৰ সৈতে প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে (প্ৰপত্ৰ ১০ পূৰণ কৰিব লাগিব)। ৮৫ বছৰৰ ওপৰৰ বা বিশেষভাৱে সক্ষম ভোটাৰ যিসকলে ঘৰৰ পৰা ভোট নিদিয়াৰ সিদ্ধান্ত লয়, তেওঁলোকৰ বাবে হুইল চেয়াৰ আৰু স্বেচ্ছাসেৱককে ধৰি সকলো সুবিধা ভোটকেন্দ্ৰত প্ৰদান কৰা হ’ব ।
ক’ত কিমান এনে ভোটাৰ আছে ?
কেৰালাত ৮৫ বছৰৰ ওপৰৰ ১৪৫,৫২১ জন আৰু বিশেষভাৱে সক্ষম ৬২,২৪০ জন ভোটাৰ আছে ।
অসমত ১৯,৭৭৪ (৮৫+) ভোটাৰ আৰু ৬,৬৩৮ জন বিশেষভাৱে সক্ষম ভোটাৰ আছে ।
পুডুচেৰীত ২,০৬৬ (৮৫+) ভোটাৰ আৰু ১,৬২১ জন বিশেষভাৱে সক্ষম ভোটাৰ আছে ।
লগতে পঢ়ক : ক্ষমতা লাভৰ বাবে সহজ-সৰল আদিবাসীসকলক উচটনি দিয়া হৈছিলঃ লোকসভাত অমিত শ্বাহৰ গৰ্জন









