হৰমুজ অতিক্ৰম কৰি এল পি জি ভৰ্তি কেইবাখনো জাহাজ নিৰাপদে ভাৰত অভিমুখে আহি আছে
আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই বিশ্বৰ আন দেশসমূহকো প্ৰভাৱিত কৰিছে । এই যুদ্ধৰ ফলত তেল আৰু গেছৰ নাটনি হৈছে । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । ইয়াৰ মাজতে ভাৰতৰ বাবে এক ভাল খবৰ । এল পি জি ভৰ্তি কেইবাখনো জাহাজ নিৰাপদে ভাৰত অভিমুখে আহি আছে, যাৰ ফলত যোগানৰ সংকট লাঘৱ হ’ব বুলি আশা কৰা হৈছে ।
খবৰ অনুসৰি এল পি জি ভৰ্তি দুখন বৃহৎ জাহাজ হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে । এই দুখন জাহাজে প্ৰায় ৯৪,০০০ টন এল পি জি ভাৰতলৈ কঢ়িয়াই আনিছে । BW TYR (ভাৰতীয় পতাকা থকা জাহাজ) প্ৰায় ৪৬,৫০০ টন এল পি জি লৈ মুম্বাই অভিমুখে আহি আছে । এই কাৰ্গো ভাৰত পেট্ৰলিয়ামৰ বাবে আৰু ৩১ মাৰ্চৰ সন্ধিয়াৰ ভিতৰত আহি পোৱাৰ সম্ভাৱনা আছে ।
BW TYR বৰ্তমান আৰব সাগৰত আছে আৰু মুম্বাই বন্দৰ অভিমুখে আহি আছে । কাইলৈ অৰ্থাৎ মঙলবাৰে নিশা ১১ বজাৰ ভিতৰত জাহাজখন মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
ইফালে, BW Elm নামৰ হিন্দুস্তান পেট্ৰলিয়ামৰ বাবে প্ৰায় ৪৭ হাজাৰ টন এল পি জি কঢ়িয়াই অনা জাহাজখন নিউ মংগালুৰু বন্দৰলৈ ৰাওনা হৈছে আৰু ১ এপ্ৰিল বুধবাৰে আহি পোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : উন্নয়নৰ বাবে শান্তি প্ৰথম চৰ্তঃ অসমৰ দলীয় কৰ্মীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য









