২১ মাৰ্চত পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ; কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা

 ২১ মাৰ্চত পৱিত্ৰ ঈদ-উল-ফিতৰ; কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা

লাখ লাখ ইছলামধৰ্মী লোকসকলৰ বাবে আহি গ’ল ভাল খবৰ। অসম তথা ভাৰতত ২১ মাৰ্চত পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ। পৱিত্ৰ ৰমজান মাহৰ অন্তত অৱশেষত ইচলামধৰ্মী লোকসকলে ২১ মাৰ্চ শনিবাৰে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ।কেন্দ্ৰীয় হিলাল কমিটীয়ে ঘোষণা কৰিলে ঈদৰ দিন। ইছলামিক কেলেণ্ডাৰৰ দশম মাহৰ শ্বাৱাল মাহৰ প্ৰথম

লাখ লাখ ইছলামধৰ্মী লোকসকলৰ বাবে আহি গ’ল ভাল খবৰ। অসম তথা ভাৰতত ২১ মাৰ্চত পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ।

পৱিত্ৰ ৰমজান মাহৰ অন্তত অৱশেষত ইচলামধৰ্মী লোকসকলে ২১ মাৰ্চ শনিবাৰে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিতৰ।কেন্দ্ৰীয় হিলাল কমিটীয়ে ঘোষণা কৰিলে ঈদৰ দিন। ইছলামিক কেলেণ্ডাৰৰ দশম মাহৰ শ্বাৱাল মাহৰ প্ৰথম দুনটোতেই পৱিত্ৰ ঈদ পালন কৰা হয়।

উল্লেখ্য যে, ছৌদি আৰব,ইউ এ ই আৰু অন্যান্য উপসাগৰীয় দেশসমূহত ১৮ মাৰ্চত ঈদৰ জোন দেখিবলৈ পোৱা নগ’ল যাৰ বাবে সেই দেশসমূহত ২০ মাৰ্চত ঈদ-উল-ফিতৰ নিশ্চিত কৰিছে।আৰু অসম তথা ভাৰতত ২১ মাৰ্চত পালন কৰা হ’ব পৱিত্ৰ ঈদ-উল-ফিতৰ।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ তালিকা…  

শেহতীয়া প্ৰৱন্ধসমূহ