আন্তঃগাঁথনিৰ উন্নয়নে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিছে
উন্নত আন্তঃগাঁথনি আৰু শক্তিশালী নিৰাপত্তা ব্যৱস্থাই অসমত আগন্তুক বিধানসভা নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সোমবাৰে জানিবলৈ দিয়ে মুখ্য নিৰ্বাচন বিষয়াই । উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে দেওবাৰে ৰাজ্যখনত অহা ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল ।
বিষয়াগৰাকীয়ে কয় যে ১২৬টা বিধানসভা সমষ্টিতে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অসামৰিক আৰু আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সাজু হৈছে । এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কয় যে আন্তঃগাঁথনিৰ উন্নয়নে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিছে ।
নিৰ্বাচনৰ নোডেল নিৰাপত্তা বিষয়া তথা আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে জানিবলৈ দিয়ে যে এতিয়া ৰাজ্য প্ৰশাসন এটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় লজিষ্টিক ব্যৱস্থাপনা চম্ভালিবলৈ অধিক সক্ষম । তেওঁ বিশেষভাৱে উল্লেখ কৰে যে ৰাজ্যৰ বেছিভাগ অংশৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ কৰাৰ পিছত আইন-শৃংখলা পৰিস্থিতিৰ যথেষ্ট উন্নতি হৈছে । সিঙে কয় যে পূৰ্বৰ তুলনাত প্ৰশাসন এতিয়া অধিক সুসজ্জিত আৰু নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ।
নিৰাপত্তাৰ বাবে ৰাজ্যখনে ৮২৮ কোম্পানী কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী বিচাৰিছে, যাৰ ভিতৰত ইতিমধ্যে ২০০ কোম্পানী আহি পাইছে । ইয়াৰ উপৰিও গৃহৰক্ষী বাহিনীসহ অসম আৰক্ষীৰ ৭৪,০০০ৰো অধিক জোৱান নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হ’ব । ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু আন্তঃৰাজ্যিক তথা আন্তঃজিলা সীমান্তত তীক্ষ্ণ নজৰ ৰখাৰ লগতে স্পৰ্শকাতৰ স্থানসমূহ চিচিটিভিৰ আওতালৈ অনা হৈছে । মুঠ ১৩৪টা সীমান্ত তালাচী চকী স্থাপন কৰা হৈছে য’ত ফ্লাইং স্কোৱাড আৰু ষ্টেটিক চাৰ্ভিলেন্স টিমে ২৪ ঘণ্টাই তহল দিব ।
বিষয়াগৰাকীয়ে আৰু কয় যে নিৰ্বাচনৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰা হ’ব । অবৈধ সুৰাৰ দৰে সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভুৱা খবৰ আৰু এআই জনিত বিভ্ৰান্তিকৰ সমলৰ ওপৰত নজৰ ৰাখিবলৈ ৰাজ্যিক চিআইডিয়ে এক বিশেষ ছচিয়েল মিডিয়া নিৰীক্ষণ কোষ গঠন কৰিছে আৰু জনসাধাৰণৰ বাবে এক হেল্পলাইন নম্বৰো মুকলি কৰিছে ।
মুখ্য নিৰ্বাচনী বিষয়াৰ মতে ১৫ মাৰ্চলৈকে অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৫০,২১,৪১৩ গৰাকী, অৱশ্যে মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখলৈকে এই সংখ্যাৰ সালসলনি হ’ব পাৰে । ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত ১.৬৪ লাখৰো অধিক ভোটাৰ সংযোগ হোৱাৰ বিপৰীতে এক লাখৰো অধিক নাম কৰ্তন কৰা হৈছে । সৰ্বাধিক ভোটাৰ আছে ২০–২৯ বছৰ বয়সৰ, যাৰ সংখ্যা ৬৬ লাখৰো অধিক । ৰাজ্যখনত ২,৪৮২ গৰাকী শতায়ু গৰকা ভোটাৰ থকাৰ লগতে ৮৫ বছৰৰ ঊৰ্ধৰ ভোটাৰ আছে প্ৰায় এক লাখ । ১৮–১৯ বছৰীয়া নতুন ভোটাৰৰ সংখ্যা ৬ লাখৰো অধিক ।
বৰ্তমান সমগ্ৰ ৰাজ্যখনতে ৩১,৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰিকল্পনা কৰা হৈছে । দলগাঁও সমষ্টিত সৰ্বাধিক ৩ লাখৰো অধিক ভোটাৰ থকাৰ বিপৰীতে আমৰিত সৰ্বনিম্ন ১ লাখৰ কিছু অধিক ভোটাৰ আছে । ১.৫ লাখতকৈও অধিক অসামৰিক নিৰ্বাচনী কৰ্মীৰ লগতে মাইক্ৰ’-অৱজাৰ্ভাৰ আৰু ছেক্টৰ অফিচাৰ এই নিৰ্বাচনত নিয়োগ কৰা হ’ব । মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে আৰু ঘোষণা কৰে যে প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীন ফটো থাকিব আৰু প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ১০০ শতাংশ ৱেবকাষ্টিং কৰা হ’ব । ভোটদানৰ গোপনীয়তা ৰক্ষাৰ বাবে সকলো কেন্দ্ৰতে মোবাইল ফোন জমা দিয়াৰ সুবিধাও উপলব্ধ হ’ব ।
লগতে পঢ়ক : নিৰ্বাচনৰ পূৰ্বে কেইবাখনো জিলাৰ SSPক বদলিৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ









