প্ৰদ্যুৎ বৰদলৈয়ে হাই কামাণ্ডাৰলৈ দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কয় যে, প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে।
বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ হৈছে। দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটত কংগ্ৰেছ বিধায়ক আছিফ নজৰৰ বিৰুদ্ধে হাই কামাণ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।গৌৰৱ গগৈৰ বিৰুদ্ধে মুকলি বিদ্ৰোহেৰে দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ দিছে প্ৰদ্যুৎ বৰদলৈয়ে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘প্ৰদ্যুৎ বৰদলৈৰ লগত মই পোন্ধৰ বছৰ একেলগে কাম কৰিছো। প্ৰদ্যুৎ বৰদলৈ স্বাভিমান থকা মানুহ। প্ৰদ্যুৎ বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে।স্বাভিমান বন্ধকত থৈ কোনো লোকেই কংগ্ৰেছত বেছিদিন থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত যে এই দিনটো আহিব সেই কথা মই ২০২৯ ধৰি থৈছিলো। আৰু তেওঁ ২০২৯ত বিজেপিত যোগদান কৰিব বুলি মই ধৰি থৈছো ।
লগতে পঢ়ক: কংগ্ৰেছত বিদ্ৰোহ! দল এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ









