বৰাকত উন্নয়নৰ ধল, শিলচৰত ২৩,৫৫০ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

বৰাকত উন্নয়নৰ ধল, শিলচৰত ২৩,৫৫০ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰৰ ভূমি পূজন সম্পন্ন কৰে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত বৰাক উপত্যকা তথা সামগ্ৰিকভাৱে উত্তৰ-পূব অঞ্চলৰ সংযোগ, আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰায় ২৩,৫৫০ কোটি টকাৰ এলানি গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উন্মোচন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰৰ ভূমি পূজন সম্পন্ন কৰে

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰত বৰাক উপত্যকা তথা সামগ্ৰিকভাৱে উত্তৰ-পূব অঞ্চলৰ সংযোগ, আন্তঃগাঁথনি আৰু আৰ্থ-সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰায় ২৩,৫৫০ কোটি টকাৰ এলানি গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উন্মোচন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰৰ ভূমি পূজা সম্পন্ন কৰে । প্ৰায় ২২,৮৬০ কোটি টকাৰ ব্যয়সাপেক্ষ নিৰ্মাণ কৰিব লগা এয়া এটা ‘এক্সেছ-কণ্ট্ৰলড’ চাৰিলেনযুক্ত গ্ৰীণফিল্ড প্ৰকল্প । এই কৰিডৰটোৱে গুৱাহাটী আৰু শিলচৰৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ৮.৫ ঘণ্টাৰ পৰা প্ৰায় ৫ ঘণ্টালৈ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে, যিয়ে অঞ্চলটোৰ পথ সংযোগ ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন আনিব ।

ইয়াৰ উপৰিও, তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ সমীপৰ ট্ৰাংক ৰোডৰ পৰা ৰাঙিৰখাৰী পইণ্টলৈ (প্ৰথম পৰ্যায়) NH-306ৰ ওপৰত এক উৰণ সেতুৰ ভূমি পূজন কৰে । এই প্ৰকল্পটো শিলচৰ চহৰৰ যান-জঁট হ্ৰাস কৰাৰ লগতে মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ দৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ অধিক সুদৃঢ় কৰিব পৰাকৈ ডিজাইন কৰা হৈছে ।

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে পাথাৰকান্দিত এখন নতুন কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । আনহাতে প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বদৰপুৰ-শিলচৰ আৰু বদৰপুৰ-চুৰাইবাৰী শাখাৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা ৰেল পথসমূহ দেশবাসীৰ বাবে উৎসৰ্গা কৰে তেওঁ ।

লগতে পঢ়ক : ‘অসম তথা সমগ্ৰ উত্তৰ পূবক কংগ্ৰেছে অবহেলা কৰিছিল’; শিলচৰৰ পৰা কংগ্ৰেছক তুলাধুনা প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ