কংগ্ৰেছ ভুৱা প্ৰতিশ্ৰুতিৰ দোকানঃ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ

কংগ্ৰেছ ভুৱা প্ৰতিশ্ৰুতিৰ দোকানঃ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ তীব্ৰ আক্ৰমণ

কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কোনো উদ্দেশ্য নাই । আনহাতে ডাবল ইঞ্জিন চৰকাৰে অসমলৈ উন্নয়ন কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ শুকুৰবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে

কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কোনো উদ্দেশ্য নাই । আনহাতে ডাবল ইঞ্জিন চৰকাৰে অসমলৈ উন্নয়ন কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

শুকুৰবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । গুৱাহাটীৰ পৰা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বতৰ বেয়া বাবে মই কোকৰাঝাৰলৈ যাব পৰা নাই । আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো । গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে সৈতে কথা পাতিবলৈ সক্ষম হৈছো ।”

তেওঁ কয় যে কংগ্ৰেছ মিছা প্ৰতিশ্ৰুতিৰ দোকান । কংগ্ৰেছে চাৰিটা ছুপাৰ মিছা উপহাৰ দিয়ে । কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কোনো উদ্দেশ্য নাই । কংগ্ৰেছে জনসাধাৰণক বিভাজিত কৰিবলৈ কাম কৰি আছে, আনহাতে ডাবল ইঞ্জিন চৰকাৰে অসমলৈ উন্নয়ন কঢ়িয়াই আনিছে । আমি প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰি আছো ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনডিএৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে । সমগ্ৰ ৰাজ্যৰ লগতে কোকৰাঝাৰ বিগত কেইটামান দশকত বহু কষ্টৰ সন্মুখীন হৈছে; ইয়াৰ যথেষ্ট লোকচান হৈছে । আজি বড়োলেণ্ডে শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে । আজি অসমে লিখিছে শান্তি আৰু প্ৰগতিৰ এক নতুন অধ্যায় ।

তেওঁ কয়, “আজি বড়োলেণ্ড শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে । আপোনালোকে যেতিয়া কংগ্ৰেছ দলক ৰাষ্ট্ৰীয় আৰু অসম উভয়তে প্ৰত্যাখ্যান কৰি বিজেপি-এনডিএক সুযোগ দিছিল, তেতিয়া আমি আমাৰ আন্তৰিক প্ৰচেষ্টা আৰম্ভ কৰিছিলো ।”

প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলে যেতিয়া নিজৰ স্বাৰ্থপৰ ৰাজনৈতিক উদ্দেশ্যত সম্প্ৰদায় বিভাজন কৰিছিল তেতিয়া বিজেপিয়ে স্থায়ী শান্তিৰ বাবে কাম কৰিছিল । এই দৃষ্টিভংগীৰে বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিয়ে প্ৰথমবাৰৰ বাবে সকলো ডাঙৰ ডাঙৰ সংগঠন আৰু গোটক একত্ৰিত কৰিছিল । দশক দশক ধৰি বড়োলেণ্ডৰ এই অঞ্চলটোৱে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ সাক্ষী হৈ আহিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছ দলে বড়োলেণ্ডৰ বহু দাবীক মিছা সপোন দেখুৱাই ৰাছিল । দিল্লীৰ কংগ্ৰেছ চৰকাৰে কেৱল দেখুৱাবলৈহে কাগজৰ চুক্তি স্বাক্ষৰ কৰিছিল । প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কংগ্ৰেছ দলে বড়োলেণ্ডৰ জনসাধাৰণক মিছা প্ৰতিশ্ৰুতিৰ মাজত আবদ্ধ কৰি ৰাখিছিল । আগতে কংগ্ৰেছে নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল, আনহাতে বিজেপিয়ে শান্তিৰ বাবে কাম কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকৰ মৰম মোৰ বাবে ঋণৰ দৰে আৰু মোৰ লক্ষ্য সদায় আপোনালোকৰ সেৱা কৰি এই অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি এই ঋণ পৰিশোধ কৰা । কেইসপ্তাহমান পূৰ্বে গুৱাহাটীত চহকী বড়ো সংস্কৃতিৰ সাক্ষী হোৱাৰ সুযোগ পাইছিলোঁ । বড়ো সম্প্ৰদায়ে কেনেকৈ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিছে সেয়া দেখি মই গৌৰৱ অনুভৱ কৰিছো ।”

তেওঁ কয় যে বিজেপি-এনডিএৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে ।

লগতে পঢ়ক : কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ