কংগ্ৰেছ অসম বা অসমৰ খিলঞ্জীয়া লোকৰ লগত নাই বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছে বাংলাদেশী মূলৰ মুছলমান বসতিপূৰ্ণ সমষ্টিসমূহক কেন্দ্ৰ কৰি নিৰ্বাচনী কৌশল ৰচনা কৰিছে বুলিও কয় তেওঁ ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, কংগ্ৰেছ দলে “বাংলাদেশী মূলৰ মুছলমান” বসতিপূৰ্ণ সমষ্টিসমূহক কেন্দ্ৰ কৰি নিৰ্বাচনী কৌশল ৰচনা কৰিছে । সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ শৰ্মাই দাবী কৰে যে কংগ্ৰেছে মিত্ৰজোঁটৰ জৰিয়তে যিবোৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, সেইবোৰ মূলতঃ বাংলাদেশী মূলৰ মুছলমান লোকৰ আধিপত্য থকা অঞ্চল । তেওঁ কয় যে এই ৰাজনৈতিক স্থিতিৰ পৰা প্ৰমাণিত হয় যে দলটোৱে অসমৰ থলুৱা, খিলঞ্জীয়া লোকৰ পৰা আঁতৰি আহিছে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- “আপোনালোকে যদি লক্ষ্য কৰে, কংগ্ৰেছে মিত্ৰজোঁটত যিবোৰ আসনত যুঁজ দিছে, সেইবোৰৰ সৰহভাগেই বাংলাদেশী মূলৰ মুছলমানৰ সমষ্টি । অসমৰ ৰাইজে বুজিব লাগে যে কংগ্ৰেছ ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ লগত নাই । বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিছে ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হোৱা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ কথা উল্লেখ কৰি দাবী কৰে যে এই যুঁজখনো একেধৰণৰ, বাংলাদেশী মূলৰ মুছলমানৰ সমষ্টিতে সীমাবদ্ধ ।
তেওঁ আৰু অভিযোগ কৰে, “প্ৰথম দিনাৰ পৰাই মই কৈ আহিছো যে কংগ্ৰেছ অসম বা অসমৰ খিলঞ্জীয়া লোকৰ লগত নাই । যদি যুঁজখন যোৰহাট বা ডিব্ৰুগড়ৰ দৰে আসনক লৈ হ’লহেঁতেন, তেন্তে কথা সুকীয়া হ’লহেঁতেন । কিন্তু কংগ্ৰেছে নিজৰ আত্মা বাংলাদেশী মূলৰ মুছলমানৰ ওচৰত বন্ধক দিছে আৰু তাৰ পৰাই নিৰ্বাচন খেলি নিজৰ ৰাজনীতি চলাই নিব বিচাৰিছে ।”
লগতে পঢ়ক : এতিয়াৰে পৰা জাতীয় সাজ-পাৰ পিন্ধিহে সোমাব পাৰিব বটদ্ৰৱা থানত, নিষিদ্ধ হ’ল লংপেণ্ট-ছাৰ্ট









