এতিয়াৰে পৰা কেৱল জাতীয় সাজ-পাৰ পৰিধান কৰিহে বটদ্ৰৱা থানত প্ৰৱেশ কৰিব পাৰিব
বটদ্ৰৱা থানত নিষিদ্ধ হ’ল লংপেণ্ট-ছাৰ্ট । এতিয়াৰে পৰা লংপেন্ট-ছাৰ্ট পৰিধান কৰি সোমাব নোৱাৰিব থানত । কেৱল জাতীয় সাজ-পাৰ পৰিধান কৰিহে বটদ্ৰৱা থানত প্ৰৱেশ কৰিব পাৰিব । ১২ বছৰৰ উৰ্ধৰ সকলো ব্যক্তিৰ বাবে বাধ্যতামূলক কৰা হৈছে নিয়ম ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩ মাৰ্চত ঘোষণা কৰে যে নগাঁও জিলাৰ ঐতিহাসিক বৰদোৱা থানত প্ৰৱেশৰ সময়ত ১২ বছৰৰ উৰ্ধ্বৰ দৰ্শনাৰ্থীসকলৰ বাবে পৰম্পৰাগত সাজ-পাৰ পিন্ধাটো বাধ্যতামূলক হ’ব । এক জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই স্থান হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান অৰ্থাৎ আৱিৰ্ভাৱ ক্ষেত্ৰ । তেওঁ উল্লেখ কৰে যে সত্ৰসমূহৰ সাংস্কৃতিক পবিত্ৰতা আৰু আধ্যাত্মিক পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
বৰ্তমান দৰ্শনাৰ্থীসকলে বিভিন্ন ধৰণৰ সাজ-পাৰ পৰিধান কৰি চৌহদত প্ৰৱেশ কৰা কাৰ্য পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰ্মীয় অনুষ্ঠানটিৰ পবিত্ৰতা বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে । থান চৌহদৰ ভিতৰত থকা ভাগৱত-সম্পৰ্কীয় মূৰ্তি আৰু চিহ্নসমূহৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰ ধৰ্মীয় গুৰুত্বৰ কথা দোহাৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- “ৰাইজে আমি আমাৰ সত্ৰসমূহৰ সংস্কৃতি আৰু পবিত্ৰতা সুৰক্ষিত ৰখাটো বিচাৰে । আমি সিদ্ধান্ত লৈছোঁ যে ১২ বছৰৰ ওপৰৰ দৰ্শনাৰ্থীসকলে পৰম্পৰাগত সাজ-পাৰ পিন্ধিব লাগিব । ১২ বছৰৰ তলৰ দৰ্শনাৰ্থীসকলৰ ক্ষেত্ৰত এই নিয়ম শিথিল হ’ব ।”
তেওঁ লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠানটোৰ সৈতে জড়িত পৰম্পৰাক জীয়াই ৰখাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিয়ম বাধ্যতামূলক কৰা হৈছে ।
উল্লেখ্য যে, অসমৰ এক প্ৰধান ধৰ্মীয় তথা সাংস্কৃতিক কেন্দ্ৰ হিচাপে পৰিচিত বৰদোৱা থানলৈ বছৰটোৰ সকলো সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও ভক্তৰ আগমন ঘটে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে সত্ৰখনৰ ঐতিহ্য আৰু ৰীতি-নীতি যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সন্মানীয় আৰু সংৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰা ।
লগতে পঢ়ক : জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক









