ইৰাণত ইজৰাইলে আক্ৰমণ চলোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে হুংকাৰ প্ৰদান কৰিছে। ট্ৰাম্পে কৈছে যে, ‘ইৰাণে তৎক্ষণাত আত্মসমৰ্পণ কৰক,অন্যথা মৃত্যু নিশ্চিত’
ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইল সেনাই যৌথভাৱে বৃহৎ আক্ৰমণ চলাইছে। এই আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, কিছু সময়ৰ পিছত আমেৰিকাৰ সেনাই ইৰাণত বৃহৎ পৰিসৰৰ সামৰিক অভিযান আৰম্ভ কৰিছিল।আমাৰ লক্ষ্য হৈছে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি দূৰ কৰি আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া।
ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ইৰাণে হয় অস্ত্ৰ পৰিহাৰ কৰক, অন্যথা নিশ্চিত মৃত্যুৰ বাবে সাজু হওক।ট্ৰাম্পে কয় যে নিশালৈ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হ’ব। গতিকে ইৰাণৰ সাধাৰণ জনতা যাতে নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহে।
ড’নাল্ড ট্ৰাম্পে স্পষ্ট ভাষাৰে ইৰাণৰ সেনাবাহিনীক সকীয়াই দিছে। ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সৈতে যৌথ আক্ৰমণত যোগদান কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছে যে তেওঁলোকে ইৰাণৰ সকলো ক্ষেপণাস্ত্ৰ ধ্বংস কৰাৰ লগতে ইৰাণৰ ক্ষেপণাস্ত্ৰ উদ্যোগকো মাটিৰ লগত মিলাই দিয়া হ’ব।
ড’নাল্ড ট্ৰাম্পে ইৰাণক ভাবুকি দি কয় যে, “ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডৰ সদস্য, সশস্ত্ৰ বাহিনী আৰু সকলো আৰক্ষীক মই কওঁ যে, আপোনালোকে আত্মসমৰ্পণ কৰা উচিত। অন্যথা মৃত্যু নিশ্চিত।
লগতে পঢ়ক: ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন









