ইজৰাইলৰ পৰাই পাকিস্তানক সকীয়নী দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, সন্ত্ৰাসবাদৰ কোনো স্থান নাই।
ইজৰাইল ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কয় যে কোনো কাৰণতে সন্ত্ৰাসবাদ মানি ল’ব নোৱাৰি। তেওঁ কয় যে, ভাৰত আৰু ইজৰাইলে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰোধিতা কৰি কান্ধত কান্ধ মিলাই থিয় দিছে আৰু ভৱিষ্যতেও কৰি যাব। ইজৰাইলৰ মাটিৰ পৰা দিয়া এই বক্তব্যক পাকিস্তানৰ বাবে এক শক্তিশালী বাৰ্তা হিচাপে বিবেচিত হৈছে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, পৃথিৱীত সন্ত্ৰাসবাদীৰ কোনো স্থান নাই। ভাৰত আৰু ইজৰাইল সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় দিব।
পশ্চিম এছিয়াৰ শান্তি আৰু স্থিৰতাৰ বাবে ভাৰতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে, সেইবাবেই ভাৰতে আৰম্ভণিৰে পৰা আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰি আহিছে।
গাজা শান্তি পৰিকল্পনাই শান্তিৰ পথ প্ৰশস্ত কৰিছে। তেওঁ ইজৰাইলৰ নেতৃত্বৰ সৈতে আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰে।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয় যে ৯ বছৰ পূৰ্বে তেওঁ ইজৰাইল ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছিল আৰু আকৌ ইয়াত উপস্থিত হোৱাটো এক গৌৰৱ আৰু আৱেগিক অভিজ্ঞতা। ইজৰাইলৰ সংসদে প্ৰদান কৰা সন্মানৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।









