কংগ্ৰেছ-অজাপৰ মিত্ৰতা চূড়ান্ত, বাদ পৰিল অখিল গগৈ ! বিৰোধীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ-অজাপৰ মিত্ৰতা চূড়ান্ত, বাদ পৰিল অখিল গগৈ ! বিৰোধীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

অখিল গগৈক অকলশৰীয়া কৰি অজাপৰে মিত্ৰতা চূড়ান্ত কংগ্ৰেছৰ ! মুখ্যমন্ত্ৰীৰ দাবী ৰাইজৰ দলৰ সৈতে এতিয়ালৈকে কোনো বুজাবুজি হোৱা নাই কংগ্ৰেছৰ । কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ (AJP) মাজত প্ৰস্তাৱিত মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে আৰু ৰাজ্যৰ কেইবাটাও সমষ্টিত আসন বুজাবুজিৰ আলোচনা চলি আছে । এই দাবী

অখিল গগৈক অকলশৰীয়া কৰি অজাপৰে মিত্ৰতা চূড়ান্ত কংগ্ৰেছৰ ! মুখ্যমন্ত্ৰীৰ দাবী ৰাইজৰ দলৰ সৈতে এতিয়ালৈকে কোনো বুজাবুজি হোৱা নাই কংগ্ৰেছৰ ।

কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ (AJP) মাজত প্ৰস্তাৱিত মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে আৰু ৰাজ্যৰ কেইবাটাও সমষ্টিত আসন বুজাবুজিৰ আলোচনা চলি আছে । এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বুজাবুজি অনুসৰি শদিয়া, বিন্নাকান্দি, খুমটাই আৰু বঢ়পুৰৰ দৰে সমষ্টিসমূহ কংগ্ৰেছে এজেপিৰ বাবে এৰি দিয়াৰ সম্ভাৱনা আছে । তেওঁ লগতে কয় যে এপিএইচচিএল (APHCL) নামৰ দলটোক কাৰ্বি আংলঙত দুখন আসন দিয়াৰ সম্ভাৱনা আছে । চি পি আইক (CPI) দুখন আৰু চি পি আই (এম এল)ক (CPI (ML)) এখন আসন এৰি দিয়াৰ বাবেও আলোচনা চলি আছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ দলৰ সৈতে এতিয়ালৈকে কোনো ৰাজনৈতিক বুজাবুজি হোৱা নাই । তেওঁ মন্তব্য কৰে যে, “যদি তেওঁলোকে ৰাইজৰ দলক মিত্ৰজোঁটৰ মাজলৈ আনিবলৈ সক্ষম হয়, তেন্তে আমি তেওঁলোকক অভিনন্দন জনাম ।”

বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে তেওঁ কংগ্ৰেছৰ ভিতৰচৰাৰ সকলো খবৰ ৰাখে । তেওঁ কয়, “ভূপেন বৰাই মোক তথ্য যোগান নধৰে, বৰঞ্চ মইহে তেওঁক বিভিন্ন ঘটনাৰ বিষয়ে জনাই আহিছো ।”

বিজেপিলৈ আহিব তিনিজন কংগ্ৰেছী বিধায়ক-

কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শচীকান্ত দাসে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলিও দাবী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়-“কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস, শচীকান্ত দাস বিজেপিলৈ আহিব এই কথা সকলোৱে জানে ।“

ক’ত টিকট পাব ভূপেন বৰাই ?

ইফালে সদ্য কংগ্ৰেছ ত্যাগী তথা নতুন বিজেজি নেতা ভূপেন বৰাই সমাগত বিধানসভা নিৰ্বাচনত কোন সমষ্টিত টিকট লাভ কৰিব তাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ভূপেন বৰাই কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সেই সন্দৰ্ভত দলে সিদ্ধান্ত লৈ থৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়-“মুখ্যমন্ত্ৰী হিচাবে কৈছোঁ যে, ভূপেন বৰাক ক’ত টিকত দিব লাগে দলে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে । আমি কি কৰিম, আমাৰ ক’তো খালী নাই । বিধায়কক আনি আমি ক’ত টিকত দিম ।“

৮০ সমষ্টিৰ বাবে সাজু বিজেপিৰ প্ৰাৰ্থী তালিকা-

আসন্ন নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । তেওঁ ৮০ টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা সাজু হৈ আছে বুলি জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“আমাৰ ৮০টা চীটৰ বাবে নাম সাজু হৈয়ে আছে । মাত্ৰ এবাৰ দিল্লীলৈ গ’লেই হ’ব । গতিকে আমাৰ আসন খালী হোৱাৰ কোনো সম্ভাৱনাই নাই ।“

লগতে পঢ়ক : নিৰ্বাচন চলি থকালৈকে জুবিন ক্ষেত্ৰলৈ নাযাওঁ… মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ