এই প্ৰতিযোগিতাত ভাৰতীয় দল একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে ।
দেওবাৰে এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছ ২০২৬ৰ ফাইনেলত ইণ্ডিয়া এৰ মুখামুখি হয় বাংলাদেশ এ । বেংককৰ টেৰ্ডথাই ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা খেলখনত ইণ্ডিয়া এ ৪৬ ৰানত জয়লাভ কৰে । ইণ্ডিয়া এয়ে বাংলাদেশক জয়ৰ বাবে ১৩৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল যদিও ১৯.১ অভাৰত ৮৮ ৰানত অল আউট হয় দলটো ।
শ্ৰীলংকা এক ৫ উইকেটত পৰাস্ত কৰি ইণ্ডিয়া এ ফাইনেলত প্ৰৱেশ কৰে । ছেমি ফাইনেলত বাংলাদেশ এয়ে পাকিস্তান এক ৫৪ ৰানত পৰাস্ত কৰে । এই প্ৰতিযোগিতাত ভাৰতীয় দল একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈছে । ২০২৩ চনত হংকঙত অনুষ্ঠিত হোৱা এ চি চি মহিলা এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছৰ প্ৰথম ছিজনত ইণ্ডিয়া এয়ে বাংলাদেশ এক ৩১ ৰানত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।
ৰান চেজত বাংলাদেশ এৰ হৈ উইকেটকীপাৰ বেটছমেন ছামিমা চুলতানাই তিনিটা চাৰিৰ সহায়ত ২০ ৰান সংগ্ৰহ কৰে । ছামিমাৰ উপৰিও কেৱল ছাৰমীন চুলতানা (১৮), ফাহিমা খাতুন (১৪), আৰু ছাদিয়া আখতাৰ (১০)হে দহকৰ ঘৰত উপনীত হয় । প্ৰেম ৰাৱটে সৰ্বাধিক তিনিটা উইকেট দখল কৰে । তনুজা কানৱাৰ আৰু ছোনিয়া মেন্ধিয়াই দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ছাইমা ঠাকুৰ, মিন্নু মণি আৰু ৰাধা যাদৱে এটাকৈ উইকেট দখল কৰে ।
টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ৭ উইকেটত ১৩৪ ৰান সংগ্ৰহ কৰে । ইণ্ডিয়া এৰ হৈ তেজল হাছাবনিছে ৩৪টা বলত অপৰাজিত ৫১ ৰান সংগ্ৰহ কৰে । অধিনায়ক ৰাধা যাদৱে ৩০টা বলত ৩৬ ৰানৰ অৰিহণা যোগাই, য’ত তিনিটা চাৰি আৰু এটা ছয় আছিল ।
পঞ্চম উইকেটৰ বাবে তেজল হাছাবনিছ আৰু ৰাধা যাদৱে ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব সংযোজন কৰে । অ’পেনাৰ বৃন্দা দিনেশেও (১৯ ৰান) ডাবল ফিগাৰত উপনীত হয় । বাংলাদেশ এৰ হৈ অধিনায়ক ফাহিমা খাতুনে ৪টা উইকেট দখল কৰাৰ বিপৰীতে ফাতিমা জাহান ছোনিয়া আৰু ফাৰ্জানা ইছমিনে এটাকৈ উইকেট দখল কৰে ।
প্ৰতিযোগিতাখনত ইণ্ডিয়া এৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথমখন মেচত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল দলটো । ইয়াৰ পিছতে ইণ্ডিয়া এয়ে পাকিস্তান এক ৮ উইকেটত পৰাস্ত কৰে । গ্ৰুপৰ অন্তিমখন খেলত নেপালৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ কৰি ইণ্ডিয়া এ ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰে ।
পাকিস্তান এ, নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে ইণ্ডিয়া-এ দলে এ গ্ৰুপত স্থান লাভ কৰিছিল । গ্ৰুপ বিত থাইলেণ্ড, মালয়েছিয়া, বাংলাদেশ এ, আৰু শ্ৰীলংকা এ আছিল । গ্ৰুপ এৰ পৰা ভাৰত-এ আৰু পাকিস্তান-এ, আৰু গ্ৰুপ বি-ৰ পৰা বাংলাদেশ-এ আৰু শ্ৰীলংকা-এ, ছেমিফাইনেলত প্ৰৱেশ কৰে । ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ছেমিফাইনেল ।
লগতে পঢ়ক : বৰষুণৰ বাবে পৰিত্যক্ত চুপাৰ-৮ৰ প্ৰথমখন মেচ, বাতিল নিউজীলেণ্ড-পাকিস্তানৰ খেল









