শেহতীয়াকৈ বলীউডৰ অভিনেতা শ্বাহিদ কাপুৰে এটা প’ডকাষ্টৰ সময়ত ইণ্টাৰনেটত তাৰকাসকল সন্মুখিন হৈ থকা ট্ৰ’লিঙৰ বিষয়ে মন্তব্য কৰে।
বলীউডৰ পৰা টিভিলৈকে তাৰকাসকলে প্ৰায়ে কোনোবা নহয় কোনোবা কাৰণত ছ’চিয়েল মিডিয়াত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হয়।
ইফালে, শেহতীয়াকৈ অ’ ৰোমিঅ’ৰ অভিনেতা শ্বাহিদ কাপুৰে এটা প’ডকাষ্টৰ সময়ত অভিনেতাসকলে ইণ্টাৰনেটত অহৰহ ট্ৰ’লিঙৰ সন্মুখীন হোৱা সন্দৰ্ভত নিজৰ মতামত শ্বেয়াৰ কৰিছে।
প’ডকাষ্টটোত অভিনেতাগৰাকীয়ে কয় যে জনতাৰ মতক নিজৰ জীৱনত সোমাবলৈ দিয়া আৰু নিজক যত্ন লোৱা,লাগিলে ইণ্টাৰনেটত কোনোবাই যিয়েই নকওক,এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
শ্বাহিদ কাপুৰে কয়, “এইটো এটা কঠিন যাত্ৰা কাৰণ আপুনি মুকলি হ’ব লাগিব।কিন্তু এই কথাও মনত ৰখাটো প্ৰয়োজনীয় যে,আপুনি আপোনাৰ ব্যৱস্থাপ্ৰণালীত কি আৰু কিমান বহিবলৈ দিয়ে।প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই সকলোকে সুখী কৰিব বিচাৰে নে নিজকে সুখী কৰিব বিচাৰে?”
অভিনেতা গৰাকীয়ে কয় যে, আপুনি নিজকে বাৰে বাৰে প্ৰশ্ন কৰিব লাগিব, “মই ভাল সময় পাৰ কৰিছো নে? ই মোক আগবাঢ়ি যোৱাত সহায় কৰিলেনে? আৰু ই মোৰ সৃষ্টিশীল শক্তিক সঠিকভাৱে প্ৰতিফলিত কৰেনে? শেষত ই মোৰ কঠোৰ পৰিশ্ৰম আৰু কিবা এটা লাভ কৰাৰ অনুভৱ পূৰণ কৰিব লাগে।”
অভিনেতা গৰাকীয়ে লগতে কয় যে, “মই এই কথা সকলো সময়তে কওঁ, যিয়েই নহওক, মানুহে মোক পুৰণি কালৰ বুলিও ক’ব পাৰে, কিন্তু আপোনাৰ সাহস হ’ব লাগিব, তেতিয়াহে মুখ খুলিব লাগে।মোক সৰুৰে পৰাই এই কথা শিকাই আহিছে।”
লগতে পঢ়ক: বহু প্ৰত্যাশিত ‘টক্সিক’ৰ টিজাৰ মুকলি; য়শৰ পৰিচিত গেংষ্টাৰ লুকত মোহিত অনুৰাগী!









