মণিপুৰৰ উখৰুলত হিংসাত্মক ঘটনা; ৫ দিনৰ বাবে ইন্টাৰনেট বন্ধ, কাৰ্ফিউ জাৰি

মণিপুৰৰ উখৰুলত হিংসাত্মক ঘটনা; ৫ দিনৰ বাবে ইন্টাৰনেট বন্ধ, কাৰ্ফিউ জাৰি

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ গৃহ আয়ুক্তই আজিৰ পৰা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে । মণিপুৰৰ উখৰুলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । লিটন ছাৰিখং গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ প্ৰকাশ পাইছে ।

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ গৃহ আয়ুক্তই আজিৰ পৰা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

মণিপুৰৰ উখৰুলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । লিটন ছাৰিখং গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰাৰ খবৰ প্ৰকাশ পাইছে । পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত কৰ্তৃপক্ষই সমগ্ৰ জিলাখনত সান্ধ্য আইন জাৰি কৰাৰ লগতে অধিক হিংসাত্মক পৰিস্থিতি আৰু উৰাবাতৰি ৰোধ কৰিবলৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে ।

জানিব পৰা মতে পাহাৰীয়া গাঁওখনৰ সমীপত সশস্ত্ৰ সংগঠনে শূণ্যতে কেইবাৰাউণ্ড গুলীচালনা কৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰে । বহু গাঁওবাসীয়ে অত্যাৱশ্যকীয় সামগ্ৰী লৈ চুবুৰীয়া কাংপকপি জিলাৰ সুৰক্ষিত অঞ্চললৈ পলায়ন কৰাৰ বিপৰীতে টাংখুল গাঁৱৰ কেইবাজনো গাঁৱৰ লোকেও সেই অঞ্চল এৰি যোৱাৰ খবৰ পোৱা গৈছে ।

আইন-শৃংখলাৰ অৱনতি ঘটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰৰ গৃহ আয়ুক্তই আজিৰ পৰা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৫ দিনৰ বাবে ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে । আদেশত উল্লেখ কৰা হৈছে যে শেহতীয়া ঘটনাই ভয়াৱহ অশান্তিৰ সৃষ্টি কৰিছে, জনসাধাৰণৰ সুৰক্ষা আৰু শান্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে ।

আদেশত কোৱা হৈছে যে, ‘পৰিস্থিতি ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ আৰু উত্তেজনা বৃদ্ধি কৰিব পৰা ভুল তথ্যৰ বিস্তাৰ ৰোধ কৰিবলৈ জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাটো অতি প্ৰয়োজনীয় ।’

উল্লেখ্য যে,  শনিবাৰে নিশাৰ পৰাই উখৰুলত হিংসাত্মক পৰিস্থিতি আৰম্ভ হয় । লিটন গাঁৱত টাংখুল নগাৰ এজন লোকক ৭-৮ জন লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপনৰ পিছতেই এই ঘটনাৰ সূত্ৰপাত হয় । বিষয়টো সমাধান হোৱাৰ আশা কৰা হৈছিল যদিও দেওবাৰৰ বৈঠকো অনুষ্ঠিত নহ’ল । ইয়াৰ পিছত সোমবাৰে মাজনিশা লিটন চৰাইখঙৰ টাংখুল নগা সম্প্ৰদায়ৰ ঘৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ ফলত নগা সম্প্ৰদায়ে অন্য সম্প্ৰদায়ৰ ঘৰক লক্ষ্য কৰি লয় । আৰক্ষীৰ মতে, কে লুংৱিৰাম গাঁৱৰ এটা ঘৰো আংশিকভাৱে জ্বলি যায় ।

লগতে পঢ়ক : মেঘালয় কয়লা খনি দুৰ্ঘটনা : নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; চিকিৎসালয়ত আৰু দুজনৰ কৰুণ মৃত্যু