আজিৰে পৰা নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হ’ব অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত শুনানি ।
সমগ্ৰ অসমক জোকাৰি যোৱা কাৰ্বি আংলঙৰ পানীমূৰৰ সেই নৃশংস হত্যাকাণ্ডৰ ন্যায়ৰ ক্ষণ চমু চাপিছে ! সুদীৰ্ঘ ৬ বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজিৰে পৰা নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আৰম্ভ হ’ব অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত শুনানি ।
২০১৮ চনৰ ৮ জুনৰ সেই ক’লা দিনটো আজিও অসমবাসীৰ মনত সজীৱ হৈ আছে । কেৱল উৰাবাতৰিৰ বলি হৈ একাংশ উন্মত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল দুই প্ৰতিভাৱান যুৱক অভি-নীলে । আজিৰে পৰা ধাৰাবাহিকভাৱে চলিব লগীয়া এই শুনানিয়ে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি আশাবাদী শোকাহত পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গ ।
৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালত এই গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব । উভয় পক্ষৰ অধিবক্তাৰ চূড়ান্ত যুক্তি-তৰ্কৰ পাছতেই আদালতে ঘোষণা কৰিব বহু প্ৰত্যাশিত ৰায়দান ।
লগতে পঢ়ক : ‘মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব’; শিৱসাগৰত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য









