সস্তা হ’ল জোটা, বৃদ্ধি পালে সুৰাৰ দাম; কি কি আছে বাজেটত?

সস্তা হ’ল জোটা, বৃদ্ধি পালে সুৰাৰ দাম; কি কি আছে বাজেটত?

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিলে বাজেট । ইয়াত সাধাৰণ জনতাৰ বাবে কেইবাটাও ভাল খবৰ আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দেশৰ বাজেট দাখিল কৰে।এইটো তেওঁৰ নৱম বাজেট আছিল।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ চনৰ বাজেটত অৰ্থনৈতিক বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু সৰ্বাংগীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰিলে বাজেট । ইয়াত সাধাৰণ জনতাৰ বাবে কেইবাটাও ভাল খবৰ আছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দেশৰ বাজেট দাখিল কৰে।এইটো তেওঁৰ নৱম বাজেট আছিল।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ চনৰ বাজেটত অৰ্থনৈতিক বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু সৰ্বাংগীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ৰাজহুৱা বিনিয়োগ, গাঁথনিগত সংস্কাৰ, বিত্তীয় অনুশাসন আৰু ঘৰুৱা উৎপাদন, শক্তি সুৰক্ষা বৃদ্ধি আৰু আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে আৰ্থিক স্থিতিশীলতা বজাই ৰখাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

বাজেটত ছয়টা মূল খণ্ডত বৃদ্ধি, মেগা টেক্সটাইল আৰু এমএছএমই পুঁজি, হাই-স্পীড ৰে’ল কৰিডৰ, বায়’-ফাৰ্মা শক্তি, চিচিইউএছ প্ৰযুক্তি, সামুদ্ৰিক আৰু পৰিৱেশগত ট্ৰেইল,শিক্ষা, স্বাস্থ্য, ক্ৰীড়া, এভিজিচি আৰু নাৰিকল-কাজু উৎপাদন আদি আঁচনি প্ৰস্তাৱ কৰা হৈছে।

কৰ সংস্কাৰৰ ভিতৰত টিচিএছৰ হাৰ কৰ্তন, ৰিটাৰ্ণ পুনৰীক্ষণৰ সময়সীমা বৃদ্ধি, ক্ষুদ্ৰ কৰদাতাৰ বাবে সহজ প্ৰক্ৰিয়া, আৰু প্ৰ’আই বিনিয়োগৰ সীমা বৃদ্ধি আদি অন্তৰ্ভুক্ত।

তদুপৰি SEZs, প্ৰতিৰক্ষা, পাৰমাণৱিক আৰু লিথিয়াম-আয়ন বেটাৰী উদ্যোগ, চিকিৎসা পৰ্যটন হাব, AI-ভিত্তিক কৃষি সঁজুলি আৰু ‘ভাৰত Vistaar’ৰ দৰে ডিজাইনৰ বাবে কাষ্টম শুল্ক ৰেহাই অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়,’মই এটা বিশেষ এককালীন পৰিকল্পনা প্ৰস্তাৱ কৰিছো, ইয়াৰ ফলত ছেইজড (বিশেষ অৰ্থনৈতিক অঞ্চল)ৰ যোগ্য উৎপাদন ইউনিটসমূহে ঘৰুৱা বজাৰত ৰেহাইমূলক শুল্কত নিজৰ সামগ্ৰী বিক্ৰী কৰাত সহজ হ’ব।এনে বিক্ৰী তেওঁলোকৰ মুঠ ৰপ্তানিৰ পৰিমাণৰ এটা নিৰ্দিষ্ট অংশতহে সীমাবদ্ধ থাকিব।’

মন কৰিবলগীয়া যে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এই বাজেট ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে।এই বাজেটখন এনে সময়ত দাখিল কৰা হৈছে যেতিয়া দেশখনে আমেৰিকাৰ উচ্চ শুল্কৰ সন্মুখীন হৈছে আৰু বিশ্বজুৰি অনিশ্চয়তাই বিৰাজ কৰিছে।

কি কি সামগ্ৰীত বৃদ্ধি পালে দাম-খনিজ সামগ্ৰী, স্ক্ৰেপ আৰু সুৰা

কি কি সামগ্ৰীত পালে হ্ৰাস-  জোতা, বেটাৰী, চামৰাৰ সামগ্ৰী, সৌৰশক্তি উৎপাদনৰ সঁজুলি, কৰ্কট ৰোগ সম্পৰ্কীয় ১৭বিধ ঔষধ, মাইক্ৰ’ৱেভ অ’ভেন, ৭টা জটিল ৰোগৰ ঔষধ। লগতে দাম কমিব ইলেকট্ৰিক বাহন, বিমানৰ টিকট, বায়’গেছ চিলিণ্ডাৰৰ।

বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে ১৭বিধ কৰ্কট ৰোগ সম্পৰ্কীয় ঔষধত ৰেহাই দিয়া হ’ব। আন সাতবিধ বিৰল ৰোগৰ ঔষধো নিৰ্দিষ্ট চিকিৎসাৰ উদ্দেশ্যে আমদানিৰ পৰা ৰেহাই দিয়া হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলা সন্দৰ্ভত বৃহৎ ঘোষণা কৰে বাজেটত। তেওঁ কয় যে মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ SHE (Self-help Entrepreneur) Martsক কমিউনিটী-মালিকীস্বত্বৰ খুচুৰা বিপণি হিচাপে স্থাপন কৰা হ’ব।

লগতে পঢ়ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা; দাম কমিব  কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ