বহু জল্পনা-কল্পনাৰ অন্তত শেষ হ’ল ৰাহুল গান্ধী আৰু শশী থাৰুৰ মাজৰ মতানৈক্য। দুই ঘণ্টীয়া বৈঠকৰ অন্তত শশী থাৰুৰে পোষ্ট কৰিলে বিশেষ ফটো।
শেহতীয়াকৈ শশী থাৰুৰে কংগ্ৰেছৰ বহু দলীয় সভাত অংশ লোৱা নাছিল। অৱশ্যে প্ৰতিবাৰেই কাৰণটো বেলেগ বেলেগ আছিল।যাৰ বাবে বহু ধৰণৰ জল্পনা-কল্পনা আৰম্ভ হৈছিল।যাৰ সুবিধা বিজেপিৰ বিধায়ক সকলে লৈছিল।
এতিয়া কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে হাঁহি থকা এখন ফটো পোহৰলৈ আহিছে।শশী থাৰুৰে ছচিয়েল মিডিয়াত সেই ফঠোখন পোষ্ট কৰিছে।

সাংসদ গৰাকীয়ে সকলো ঠিকেই আছে বুলি হাঁহিৰ মাজেৰে এটা বাৰ্তাটো প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছে।যোৱা কেইমাহমানত থাৰুৰ আৰু ৰাহুল গান্ধীৰ মাজত মতানৈক্যৰ খবৰ আহিছিল।
শেহতীয়াকৈ এখন সভাত দুয়ো একেখন মঞ্চতে বহি আছিল যদিও ইজনে সিজনৰ পৰা দূৰত আছিল। এনে পৰিস্থিতিত খৰ্গে, শশী থাৰুৰ আৰু ৰাহুল গান্ধীৰ মাজত ২ ঘন্টা বন্ধ কোঠাত কি আলোচনা হ’ল তাক লৈ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।
যোৱা সপ্তাহত থাৰুৰক লৈ কংগ্ৰেছ দলৰ ভিতৰত ক্ষোভৰ চৰ্চা হৈছিল যে দিল্লীত হোৱা কেৰালাৰ শীৰ্ষ বৈঠকত উপস্থিত নাছিল তিৰুৱনন্তপুৰমৰ সাংসদগৰাকী।
ইয়াত বিধানসভা নিৰ্বাচনৰ বাবে কৌশল প্ৰস্তুত কৰাৰ কথা আছিল।অৱশ্যে থাৰুৰৰ অনুপস্থিতিত বিশেষ গুৰুত্ব নিদিলে কংগ্ৰেছ নেতাসকলে।
তিনিজনিয়া বৈঠকখনত ৰাহুল গান্ধীয়ে থাৰুৰক কয় যে দলটোক তেওঁৰ অতি প্ৰয়োজন আছে।কেৰালাত কংগ্ৰেছৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁৰ লগত পৰামৰ্শ কৰিহে লোৱা হ’ব বুলিও তেওঁক আশ্বাস দিয়া হয়।ৰাহুল গান্ধীয়ে থাৰুৰক কয় যে কংগ্ৰেছে একেলগে কাম কৰি কেৰালা জয় কৰিব লাগিব।
লগতে পঢ়ক: বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ডাঙৰ ঘোষণা; BTC ত নহয় SR!









